সাৱধানঃ আহি আছে ভূটানৰ পানী

 07/24/2019 - 14:58

বৰপেটাঃ ভূটানে এৰিব কুৰিশ্ব বান্ধৰ অতিৰিক্ত পানী। ইতিমধ্যে ড্ৰাক গ্ৰীণ পাৱাৰ কৰ্পাৰেচন লিমিটেডে জাৰি কৰিছে এই জাননী। পুৱা ৩, ৫ আৰু ৭ বজাত এই পানী এৰিব বুলি জাননী জাৰি কৰা হৈছে।

ভূটানে এৰা পানীয়ে নামনি অসমত সৃষ্টি কৰিব পাৰে তীব্ৰ জল প্ৰলয়। এই ক্ষেত্ৰত বৰপেটা জিলা প্ৰশাসনে সংশ্লিষ্ট পক্ষক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।