কৰিমগঞ্জত ভয়ঙ্কৰ দুৰ্ঘটনাঃ ২ জনৰ মৃত্যু, ৩০ জনৰো অধিক লোক আহত

 07/24/2019 - 15:21

বদৰপুৰঃ শিলচৰ পৰা কৰিমগঞ্জলৈ আহি থকা এখন দুখন ট্ৰেভেলাৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পুখুৰীৰ পানীত এখনৰ ওপৰত আনখন পৰি যায়। ট্ৰেভেলাৰ দুখনৰ নম্বৰ AS 11 BC 2557 আৰু AS 01 C 4149। এই দুর্ঘটনাত ২ জনৰ মৃত্যু আৰু ৩০ জনৰো অধিক লোক আহত হয়।

স্থানীয় ৰাইজে যাত্ৰী সকলক উদ্বাৰ কৰে শ্ৰীগৌৰী আৰু কৰিমগঞ্জ চৰকাৰী চিকিৎসালয়ত প্ৰেৰণ কৰে। এই দুর্ঘটনাত মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব বুলি অনুমান কৰা গৈছে। ইয়াৰ মাজত এজন চাইকেল আৰোহীও আছিল।  ট্ৰেভেলাৰ  দুখনৰ মাজত প্ৰতিযোগিতা হোৱাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি কৈছে স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।