কমলপুৰৰ আজাৰাৰ মথাউৰি ছিগাৰ আশংকা

 07/24/2019 - 15:30

কমলপুৰঃ কমলপুৰ বিধানসভাৰ অন্তৰ্গত আজাৰাত পুঠিমাৰি নৈৰ মথাউৰি যি কোনো মুহূৰ্তত ছিগাৰ আশংকা কৰিছে ৰাইজে। ভূটানে পানী এৰি দিয়াৰ ফলত পুঠিমাৰী নৈ পুনৰ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত আজাৰাৰ মথাউৰিলৈ চৰম ভাবুকি মাতি আনিছে।

উক্ত স্থানৰ মথাউৰিটো যদি কিবা কাৰণত ছিগি যায় তেন্তে হাজাৰ হাজাৰ লোক এই বানত সৰ্বহাৰা হৈ পৰিব। ৰঙিয়া মহকুমা প্ৰশাসনৰ সহযোগত স্থানীয় ৰাইজে দিনে নিশাই শ্ৰমদান কৰি আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।