ৰহাৰ সূৰ্যৱতী শাখা সাহিত্য সভাৰ বান সাহায্য বিতৰণ

 07/24/2019 - 15:50

ৰহাঃ সমগ্ৰ ৰাজ্যত বৰ্তমান বানৰ বিভীষিকা। পানী ক্ৰমাৎ হ্ৰাস পাইছে যদিও ঘৰ-বাৰী এৰি আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা দুৰ্গতসকল বৰ্তমানেও নিজ ঘৰলৈ যাবলৈ সক্ষম হোৱা নাই। ফলত তীব্ৰ খাদ্য সংকটত পৰিছে বন্যাৰ্ত। চৰকাৰে বান সাহায্যৰ নামত ঢাক-ঢোল বজালেও ইয়াৰ বাস্তব ছবিখন তেনেই পয়ালগা। সেয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু দল সংগঠনে বন্যাৰ্তক প্ৰায্যমানে সহায় আগবঢ়াইছে।

ৰহাৰ সূৰ্যৱতী শাখা সাহিত্য সভাইও মৰিগাওঁ জিলাৰ মনহা পঞ্চায়তৰ হাতী উঠাত বানত ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত খোৱা পানীকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী আৰু বস্ত্ৰ বিতৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।