দমকল কেলেংকাৰীত জড়িত বৰপেটা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা উৎপলানন্দ দাসক নিলম্বন

 07/24/2019 - 15:54

বৰপেটাঃ বৰপেটা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা বৰপেটা সংমণ্ডল আৰু এচাম ঠিকাদাৰ দালালৰ দুৰ্নীতি পৰায়ন মনোভাৱৰ বাবে বৰপেটা জিলাৰ বৰ্ন্যাত সকলৰ স্বাস্থ্যৰ প্ৰতি আহি পৰিছিল তীব্ৰ ভাবুকি। একাংশ দালাল প্ৰকৃতিৰ ঠিকাদাৰে শিবিৰ সমূহত দমকল বহুৱাৰ নামত সংঘটিত কৰিছিল ব্যাপক দুৰ্নীতিৰ। চহৰৰ সুন্দৰীদিয়া আৰু ২২ নং ৱাৰ্ডত মাথোঁ দহ ফুট পাইপেৰে দমকল বহুৱায় যাৰ ফলত এই দমকল সমূহেৰে পানীৰ পৰিৱৰ্তে নিগৰে বোকা।

শিৱেন দাস নামৰ এজন ঠিকাদাৰে চানোৱাৰ মোল্লা নামৰ এজন দালালক উক্ত দমকল বহুৱা কামৰ দায়িত্ব অৰ্পণ কৰিছিলে। এই দৃশ্য ফেচবুক যোগে ভাইৰেল কৰিছিলে বৰপেটাৰ বিশিষ্ট সমাজকৰ্মী অমৰেন্দ্ৰ দাস আৰু হৰেকৃষ্ণ তালুকদাৰে। বৰপেটা চহৰৰ প্ৰতিটো শিবিৰত গৈ বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এই অনিয়ম ধৰা পেলাবলৈ সক্ষম হৈছিল অমৰেন্দ্ৰ দাস আৰু হৰেকৃষ্ণ তালুকদাৰে।

ইয়াৰ পিছতেই উপায়ুক্তৰ নিৰ্দেশত জিলা পৰিষদৰ বিষয়া তথা বৰপেটা ৰাজহ চক্ৰ বিষয়া পল্লৱী গগৈৰ নেতৃত্বত চলোৱা হৈছিল দুৰ্নীতিৰ তদন্ত। ১৬ ঘন্টাৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিলে উপায়ুক্তয়ে। কিন্তু ৰহস্যজনক কাৰণত তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ পৰা বিৰত আছিলে তদন্তকাৰী বিষয়া সকল। অৱশেষত মুখ্যমন্ত্ৰী সোণোৱালৰ কাঢ়া নিৰ্দেশত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ‌ কাৰ্য্যবাহী অভিযন্তা উৎপলানন্দ দাসক নিলম্বন কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।