বৰপেটাৰ বান শিবিৰত সাহায্য বিতৰণ একচন এইডৰ

 07/24/2019 - 16:05

জনীয়াঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এনজিঅ' একচন এইডৰ সৌজন্যত আৰু জনীয়াস্থিত এনজিঅ’ জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সহযোগত ২২ আৰু ২৩ জুলাইত বন্যাৰ্তৰ মাজত স্বাস্থ্যসন্মত সা-সামগ্ৰী বিতৰণ কৰা হয়। উক্ত বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে একচন এইডৰ কাৰ্যসূচী বিষয়া অঞ্জন বৰদলৈয়ে। জানিব পৰা মতে কাদং গাঁও পঞ্চায়তৰ অন্তৰ্গত কাদং হাইস্কুলত থকা শিবিৰ, ছনপুৰা শিবিৰ আৰু শওপুৰ শিবিৰত থকা তিনিশ গৰাকী বানাক্ৰান্তলৈ স্বাস্থ্যসন্মত বয়-বস্তু বিতৰণ কৰা হয়।

তদুপৰি শিবিৰত থকা লোকৰ বাবে প্ৰস্ৰাৱ-পায়খানাৰ ব্যৱস্থা কৰি দিব বুলিও একচন এইডৰ অঞ্জন বৰদলৈয়ে ঘোষনা কৰে। উল্লেখ্য যে উক্ত বিতৰণ কাৰ্যসূচীৰ সময়ত একচন এইডৰ আনোৱাৰ আলী, পংকজ শৰ্মা, জনীয়া এজিইউপিৰ আব্দুল মালিক, মহম্মদ আলী, ইমদাদুল মালিক, মকবুল হুছেইন, প্ৰাক্তন সভানেত্ৰী ৰমা মিত্ৰ, কৃষক নেতা জয়নাল আবেদিন, স্বচ্ছগ্ৰাহী আবিদা খাতুনে সহযোগিতা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।