কোকৰাঝাৰৰ বিভিন্ন ঠাইত বানৰ তাণ্ডৱ

 07/24/2019 - 16:09

কোকৰাঝাৰঃ ৰাজ্যত এতিয়াও অব্যাহত আছে বানৰ সংহাৰী ৰূপ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতিৰ ভয়াৱহতা মাৰ নৌযাওঁতেই মঙ্গলবাৰে পুনৰ বানে কালৰূপ ধাৰণ কৰে কোকৰাঝাৰৰ বিভিন্ন অঞ্চলত৷ যোৱা দুই-তিনিদিনৰ পৰা হৈ অহা নেৰানেপেৰা বৰষুণে এতিয়া নিদ্ৰা হৰিছে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰু দোতমা থানাৰ অন্তৰ্গত বহু গাঁৱৰ ৰাইজৰ৷ দুই-তিনিদিনৰ পৰা হৈ অহা মুষলধাৰ বৰষুণৰ ফলত কোকৰাঝাৰৰ লোচকা, লংগা, হেল আদি নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে এতিয়া বুৰাই পেলাইছে কোকৰাঝাৰৰ দোতমা আৰু ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত শক্তিআশ্ৰম, কাশীবাৰী, চেংনালা, ব্ৰজখাল,শিলিপতা, শান্তিপাৰা, ভোগদলা পাৰা, থুৰীবাৰী, নায়াপাৰা আদি গাওঁৰ ৰাইজৰ ঘৰ-বাৰীসমূহ৷

যাৰ বাবে এতিয়া আতংকত ভূগিবলগীয়া হৈছে উক্ত গাঁৱৰ একাংশ ৰাইজ৷ এতিয়া এই বানৰ বাবে উক্ত গাওঁসমূহৰ কোনোবাই যদি নিৰাপদ স্থানৰ বাবে কোনো ওখ ঠাই বিচাৰি ফুৰিছে আন কাৰোবাৰ বাবে আকৌ কোনো বিদ্যালয় কিম্বা অনুষ্ঠান-প্ৰতিষ্ঠানে হৈ পৰিছে আশ্ৰয়স্থলস্বৰূপ৷ এই বানক লৈ উক্ত বানপীড়িত অঞ্চলৰ ৰাইজৰ ক্ষোভ, বিগত দুদিন ধৰি তেওঁলোকৰ ঘৰ-বাৰীসমূহ পানীৰ তলত ডুবগৈ থকাৰ পিছতো বৰ্তমানলৈ বিটিচি চৰকাৰে তেওঁলোকৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই আৰু যাৰ বাবে এতিয়া তেওঁলোক এনেদৰে কটাবলগীয়া হৈছে দুৰ্বিসহ জীৱন৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।