বৰপেটাৰ বান শিবিৰত খাদ্য সামগ্ৰী বিতৰণ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ

 07/24/2019 - 16:11

বৰপেটাঃ সত্ৰনগৰী বৰপেটাৰ ৫০৩ নং বিলৰতাৰী হাটী প্ৰাথমিক বিদ্যালয়ত বিগত ১০-১২ দিনে আশ্ৰয় লৈ থকা বন্যাৰ্তসকলে সন্মুখীন হোৱা খাদ্য সংকটৰ বাবে মঙলবাৰে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বৰপেটা জিলা সমিতিয়ে উক্ত শিবিৰটোত খাদ্য সামগ্ৰী প্ৰদান কৰে। শিবিৰটোত থকা বানাক্ৰান্তসকলে জনায় যে বিগত ১০-১২ দিনত চৰকাৰৰ তৰফৰ পৰা প্ৰতিটো পৰিয়ালক মাথোঁ পাঁচ কেজি চাউল আৰু ১ কেজি দাইল প্ৰদান কৰে।

এই কথা জানিব পাৰি বৰপেটা জিলা টেট উত্তীৰ্ণ শিক্ষক সমাজৰ একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে শিবিৰটোত চাউল, দাইল, মিঠাতেল, চাবোন, পানীৰ বটল, মমবাতি, গাখীৰ আদি প্ৰদান কৰে। ইপিনে এই শিবিৰটোত বহু শিশু আছে যদিও আজি পৰ্যন্ত কোনো স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা নাই বুলি বন্যাৰ্তসকলে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।