মৰিগাঁও জিলাৰ লাহৰীঘাট, ভূৰাগাঁৱৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

 07/24/2019 - 16:15

মৰিগাঁওঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনৰ কেইবাখনো ঠাইত ৰিং বান্ধ চিঙি যোৱাৰ ফলত প্ৰায় দুই শতাধিক গাঁৱৰ বিস্তৰ ক্ষতিসাধন হয়। বানৰ তাণ্ডৱত হাজাৰ, হাজাৰ গৃহস্থই গৃহহীন হৈ মথাউৰী বা শিবিৰত আশ্ৰয় গ্ৰহণ কৰিব লগীয়া হৈছে। মৰিগাঁও জিলাৰ লাহৰীঘাট আৰু ভূৰাগাঁৱৰ বানাক্ৰান্ত অঞ্চলসমূহ আজি পৰিদৰ্শন কৰে ৰাজ্যৰ বৃত্ত আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

যন্ত্ৰচালিত নাৱেৰে ভূৰাগাৱৰ পৰা টেঙাগুৰী কছাৰী গাঁৱৰ নিৰ্মীয়মান ৰিং বান্ধ চিঙি যোৱা ঠাই ডোখৰলৈকে পৰিভ্ৰমণ কৰি বানাক্ৰান্ত অঞ্চলসমূহৰ বুজ লোৱাৰ লগতে বন্যাৰ্তসকলৰ লগত মত-বিনিময় কৰে।মন্ত্ৰীগৰাকীয়ে বানত ক্ষতি হোৱা পৰিয়াল সমূহক উপযুক্ত সাহায্য প্ৰদান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰাৰ লগতে কয় যে মৰিগাঁও জিলাৰ বান সমস্যাৰ বাবে বান নিয়ন্ত্ৰণ বিষয়া লগত আছে আৰু এই সমস্যা সমাধানৰ বিষয়ে আলোচনা কৰিম আৰু কিবা আঁচনি কৰিব ধৰিব বুলি সাংবাদিকৰ আগত কয়। মন্ত্ৰীগৰাকীৰ লগত বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, মৰিগাঁও জিলা উপায়ুক্ত ৰিতুৰাজ বৰাৰ লগতে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।