বজালীত পহুমাৰা নদীৰ কালৰূপ ধাৰণ

 07/24/2019 - 16:24

বৰপেটাঃ বৰপেটা জিলাৰ বজালীত পহুমাৰা নদীয়ে কালৰূপ ধাৰণ কৰিছে। জলস্তৰ দ্ৰুত গতিত বৃদ্ধি পোৱাত ভয়ঙ্কৰ পৰিস্থিতি সৃষ্টি হয়। পানীৰ মাজত আৱব্ধ চাৰিখন গাঁৱৰ তিনি শতাধিক লোক। বৰপেটা জিলা প্ৰশাসনে জৰুৰীকালীন তৎপৰতা গ্ৰহণ কৰি বানাক্ৰান্তক উদ্ধাৰ আৰু স্থানান্তৰ কৰিবলৈ সেনা নিয়োগ কৰে।

হালংবাৰী, কঠালমুৰিঘাট, চেংলিমাৰী, কালাগুৰি (সাদেৰী) গাঁৱত নিয়োগ সেনাৰ জাত ৰেজিমেণ্টৰ জোৱান। বিধ্বংসী বানত গৃহহাৰা হৈছে গাঁও চাৰিখনৰ বহু পৰিয়াল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।