হোজাইত অভাৰলোড বালিৰ ট্ৰাক জব্দ

 07/24/2019 - 16:26

হোজাইঃ হোজাই জিলাত দিনক দিনে বৃদ্ধি পাইছে অবৈধ বালিৰ ৰমৰমীয়া ব্যৱসায়। বালি মাফিয়াৰ দপদপনিত হোজাইত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। যমুনা নদীৰ পৰা নিতৌ অবৈধ ভাবে বালি তুলি শ শ ট্ৰাক বালি সৰবৰাহ হয় বহিঃৰাজ্যলৈ। কাৰ্বি আংলং সীমান্তৰ পৰা দৈনিক শতাধিক ট্ৰাক দেৱস্থান বজাৰ হৈ দেৱস্থান আৰক্ষী চকুৰ সন্মুখৰে পাৰ হয়। দেৱস্থান আৰক্ষী চকুৰ সন্মুখৰে পাৰ হৈ যোৱা এই অবৈধ ট্ৰাকসমূহ দেৱস্থান আৰক্ষীয়ে জব্দ নকৰাত স্থানীয় ৰাইজে জব্দ কৰে এই ট্ৰাকসমূহ । দেৱস্থান কাৰ্বি আংলং সংযোগী একমাত্ৰ পুৰণি দলংখনৰ ওপৰেদি পাৰ হয় এই অভাৰলোড ট্ৰাকসমূহ।

পথ পৰিবহণ বিভাগে দলংখনৰ ওপৰেদি ৯ টনৰ ওপৰত বস্তু নিবৰ কাৰণে দিছিল নিষেধাজ্ঞা, তাৰ কাৰণে আওৰাইছিল এখন ফলক। পথ পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ বিভাগক বুঢ়া আঙুলি দেখুৱাই ২৫ টনৰ ওপৰত অভাৰলোড বালি পাৰ কৰে এই দলংখনৰ ওপৰেদি। জব্দ হোৱা ট্ৰাক কেইখনৰ নম্বৰ হৈছে AS-01CC-0179 , AS-09-AC 2301, AS -02 -AC7625। স্থানীয় ৰাইজে জব্দ কৰি ট্ৰাক কেইখন দেৱস্থান আৰক্ষীক গতাই দিয়ে। দেৱস্থান আৰক্ষীয়ে ডবকা বন বিভাগৰ আঞ্চলিক বিষয়াক অভাৰলোড ট্ৰাকসমূহ চমজাই দিয়ে। আমছুৰ দাবী হোজাই জিলা প্ৰশাসন, হোজাই পথ পৰিবহণ বিভাগ আৰু ডবকা বন বিভাগে এই অভাৰলোড বালিৰ ট্ৰাকসমূহৰ চলাচল বন্ধ কৰিব লাগে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।