আই নদীৰ বাঢ়নী পানীত প্লাৱিত অভয়াপুৰীৰ বিস্তীৰ্ণ অঞ্চল

 07/24/2019 - 16:40

মাণিকপুৰঃ যোৱা কেইদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ উপৰি ভাৰত-ভূটান সীমান্তৰ পৰা বাগৰি অহা নামনি অসমৰ আই আৰু মানাহ নৈৰ পানী ওফন্দি উঠাৰ ফলত মানাহ নদীয়ে কালৰূপ ধাৰন কৰিছে। মুষলধাৰ বৰষুনৰ ফলত আই নদীৰ বাঢ়নী পানী ওফন্দি উঠি ভাণ্ডাৰা-কাজদহা আৰু ৭ নং বাশবাৰীৰ মূল পথটো চিঙি ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰে।

নৈখনৰ বাঢ়নী পানীয়ে বাংলাপাৰা মথাউৰীৰ ওপৰেদি পানী বাগৰাত বাংলাপাৰা, গণবিন‍্যা, নাম্বাৰপাৰা তৃতীয় খণ্ড, আলাগুৰী আদি গাঁওসমূহৰ নব্বৈ শতাংশ ঠাই প্লাৱিত কৰি পেলাইছে।নৈখনৰ বাঢ়নী পানীত বহুকেইটা পৰিয়াল আবদ্ধ হৈছিল যদিও নিশাত মহকুমা আৰক্ষী বিষয়া আৰু সৃজনগ্ৰাম খণ্ড উন্নয়ন বিষয়াৰ নেতৃত্বত এচ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰি ওখ ঠাইলৈ নিয়ে।

আকস্মিকভাবে বৃহত্তৰ অঞ্চলটোলৈ দুৰ্যোগ নামি অহাত অঞ্চলটোৰ গঞাৰ মাজত অন্ন বস্ত্ৰ বাসস্থান আৰু পশু খাদ্যৰ বাবে হাহাকাৰময় পৰিবেশৰ সৃষ্টি হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।