বানত বিধ্বস্ত নিৰ্মীয়মান অৱস্থাত থকা প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ

 07/24/2019 - 16:52

হামৰেণঃ বানত চূৰমাৰ হ’ল পশ্চিম কাৰ্বি আংলং জিলাৰ অধীনস্থ পৰিষদৰ পাঁচ নং ৰংখাং পৰিষদীয় সমষ্টিৰ লিংদিং-জালজুৰি সংযোগী পথটোৰ নিৰ্মীয়মান অৱস্থাত থকা প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা চমুকৈ পিএমজিএচৱাইৰ কোটি টকীয়া পথ৷ যাৰ ফলত সম্প্ৰতি পথটোত যাতায়তৰ বাবে যমৰ যাতনাত ভুগিছে বৃহত্তৰ ৰংখাংবাসী৷

ইপিনে নিৰ্মীয়মাণ অৱস্থাত থকা পিএমচিএচৱাই পথটো ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে অতি শীঘ্ৰে মেৰামতি কৰিবৰ বাবে অঞ্চলবাসীয়ে দাবী জনাইছে৷ উল্লেখ্য যে কাৰ্বি লাংপিৰ বাঢ়নি পানীৰ বানে অঞ্চলটোত বানৰ তাণ্ডৱ চলোৱাৰ উপৰি অঞ্চলটোৰ সৰু-বৰ জান-জুৰিৰ প্লাৱিত পানীৰ খুন্দাত এই কোটি টকীয়াৰ পথ বিধ্বস্ত হোৱা বুলি স্থানীয় ব্যক্তিয়ে জানিবলৈ দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।