প্ৰাৰ্থিত্ব নোপোৱা মুৰুলী মনোহৰ যোশীয়ে লিখিলে ৰাইজলৈ চিঠি

 03/27/2019 - 12:59

ডিজিটেল ডেস্কঃ কানপুৰ সংসদীয় সমষ্টিৰ পৰা এইবাৰ বিজেপিয়ে প্ৰাৰ্থিত্ব নিদিলে দলটোৰ জ্যেষ্ঠ তথা প্ৰবীণ নেতা মুৰুলী মনোহৰ যোশীক। উক্ত সমষ্টিটোৰ পৰা বিজেপিৰ সাধাৰণ সম্পাদক ৰাম লালে প্ৰতিদ্বন্দ্বিতা কৰিব।

মুৰুলী মনোহৰ যোশীৰ প্ৰভাৱ থকা এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা ৰাম লালে দলটোৰ জ্যেষ্ঠ নেতাগৰাকীক অনুৰোধ কৰিছিল তেওঁ বিজেপিৰ কাৰ্যালয়লৈ আহি এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে বুলি সমষ্টিবাসীক জনাব লাগে।

ৰাম লালৰ এই অনুৰোধ প্ৰত্যাখ্যান কৰিলে প্ৰবীণ বিজেপি নেতা মুৰুলী মনোহৰ যোশীয়ে। ইয়াৰ সলনি কানপুৰবাসীক উদ্দেশ্যি এখন পত্ৰ লিখিলে মুৰুলী মনোহৰ যোশীয়ে। এই মুকলি পত্ৰত যোশীয়ে লিখিলে- ‘প্ৰিয় কানপুৰবাসী, ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰাম লালে আজি আহি মোক জনালেহি মই কানপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে।’

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।