তামাৰহাটত ৭ টা গৰুৰ লগতে ৬টা ম’হ জব্দ

 07/24/2019 - 17:22

গোলকগঞ্জঃ ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত সোনাহাট(দফৰপুৰ) আৰু হজৰতহাটত মঙলবাৰে দুপৰীয়া আৰক্ষীয়ে পৃথকে পৃথকে আটক কৰে সাতটাকৈ গৰু আৰু ছটাকৈ ম’হ। পশ্চিমবংগৰ পৰা নাৱেৰে গংগাধৰ নদী পাৰ হৈ ধুবুৰী অভিমুখে গৈ থকাৰ পথত হজৰতহাটত আৰক্ষীক দেখা পাই গৰখীয়া পলাই যোৱাত ছয়টা ম’হ আনহাতে সোনাহাট(দফৰপুৰত) অনুৰূপভাৱে সাতটাকৈ গৰু আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

আটক কৰা ম’হ ছটা হজৰতহাট খোৱাৰত আৰু গৰু সাতটা সোনাহাট খোৱাৰত আৰক্ষীয়ে জমা দিয়ে। পূৰ্বেও এনেদৰে আটক কৰা গৰু শেষত গোহাটৰ নিবিদাকাৰী আৰু আৰক্ষীৰে বুজা-বুজি হৈ বৈধ চালান দেখুৱাই গৰুবোৰ আৰক্ষীয়ে এৰি দিছিল। এনেকৈয়ে চলিছে তামাৰহাট অঞ্চলত বৃহৎ গৰু ছিণ্ডিকেট। এইবাৰ আটক কৰা গৰু ম’হবোৰ আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষ্যণীয় বিষয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।