দৰঙত ছাত্ৰ সন্ধানহীনঃ এজাহাৰ দাখিল

 07/24/2019 - 17:59

দলগাঁওঃ দৰঙৰ খাৰুপেটীয়া জয়ন্তী নগৰৰ শিক্ষক ৰতন ধৰৰ একমাত্ৰ পুত্ৰ ৰজত ধৰ যোৱা ২২ জুলাইত খাৰুপেটীয়া ইউনিয়ন বেংকলৈ গৈ ঘৰলৈ উভতি নাহিল ছাত্ৰজন। সন্ধানহীন ৰজত ধৰ মংগলদৈ কমাৰ্চ কলেজৰ ছাত্ৰ। পিতৃয়ে থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা নাই বুলি সন্ধানহীন ছাত্ৰৰ পৰিয়ালে অভিযোগ কৰিছে।

উল্লেখ্য যে ছাত্ৰজনৰ সৈতে সিদিনা খাৰুপেটীয়া টাউনৰ বন্ধু এজনৰ মটৰ চাইকেলত ৰাজপথত এজনে প্ৰত্যক্ষ কৰিছিল। পিতৃয়ে সাংবাদিকক জানিবলৈ দিয়া মতে ছাত্ৰ ৰজত ধৰক মটৰচাইকলত উঠাই নিয়া বন্ধুজনে তেওঁৰ সৈতে যোৱা নাই বুলি কৈছে যদিও তেওঁৰেই চক্ৰান্ত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত আৰক্ষীয়ে সঠিক তদন্ত আৰম্ভ কৰিলে প্ৰকৃত ৰহস্য ওলাই পৰিব বুলি পৰিয়ালে আশা প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।