সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজন : ড০ হিৰণ্য কুমাৰ শৰ্মা

 07/24/2019 - 18:28

উত্তৰ গুৱাহাটীঃ সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজন। বিদ্যা ভাৰতী, অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা হাজোৰ পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যা নিকেতনত আয়োজিত আচাৰ্য প্ৰশিক্ষণ বৰ্গৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত এই কথা কয় হাজোৰ সুৰেণ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হিৰণ্য কুমাৰ শৰ্মাই। গুৰুকুল শিক্ষা পদ্ধতিৰে শৈশৱত শিক্ষা গ্ৰহণ কৰা ড০ শৰ্মাই কয় যে আধ্যাত্মিক শিক্ষাৰে শিক্ষা প্ৰদান কৰা বিদ্যা ভাৰতীৰ এই আচাৰ্য প্ৰশিক্ষণ বৰ্গৰ সামৰণি অনুষ্ঠানেই হৈছে শিক্ষকতাৰ মোৰ সুদীৰ্ঘ জীৱন কালত অংশগ্ৰহণ কৰা প্ৰথম অনুষ্ঠান।

আধ্যাত্মিক শিক্ষাক গুৰুত্ব প্ৰদান কৰি ড০ শৰ্মাই আচাৰ্যসকলক যোগাত্মক দৃষ্টিৰে কাম কৰি যাবলৈ প্ৰেৰণা যোগায়। প্ৰশিক্ষণত শিকোৱা বিষয় আৰু কৌশলবোৰ ব্যৱহাৰিক দিশত প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়ে বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় প্ৰশিক্ষণ প্ৰমুখ অশোক পাণ্ডাই। ইয়াৰ পূৰ্বে প্ৰশিক্ষণ বৰ্গ প্ৰমুখ জীৱন বৰা শাস্ত্ৰীয়ে পষেকীয়া প্ৰশিক্ষণ বৰ্গৰ প্ৰতিবেদন পাঠ কৰে। শিশু শিক্ষা সমিতিৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে তেওঁৰ ভাষণত সাম্প্ৰতিক অসমৰ ভয়ঙ্কৰ বানপানীৰ মাজতে আচাৰ্য প্ৰশিক্ষণ বৰ্গ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে নিকেতন পৰিচালনা সমিতি, স্থানীয় স্বয়ংসেৱক, শিশু শিক্ষা সমিতিৰ পূৰ্ণকালীন কাৰ্যকৰ্তা আৰু নিকেতনখনৰ আচাৰ্য আচাৰ্যাসকলক আন্তৰিক ধন্যবাদ জনায়।

১৫ দিনীয়া আচাৰ্য প্ৰশিক্ষণ বৰ্গত তেজপুৰ, লখিমপুৰ আৰু বঙ্গাইগাঁও বিভাগৰ সৰ্বমুঠ ১৭৬ শিক্ষাৰ্থী আচাৰ্য-আচাৰ্যাই ভাগ লৈছিল। শিক্ষাৰ্থীসকলে কক্ষ ভিত্তিক হাতে লিখা আলোচনী প্ৰকাশ কৰাৰ লগতে প্ৰত্যেক সন্ধ্যাত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল। সামৰণি অনুষ্ঠানটি পৰিচালনা কৰে বঙাইগাঁও বিভাগ নিৰীক্ষক ভাস্কৰ দাসে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।