দলগাঁৱত বানাক্ৰান্তক খাদ্য বিতৰণ হুমায়ুন কবিৰৰ

 07/24/2019 - 18:45

দলগাঁওঃ বানৰ কবলত ৰাজ্যবাসী। এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে বানাক্ৰান্তই। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে গৃহহাৰা কৰা কেইবাটাও পৰিয়ালে আজি প্ৰায় এসপ্তাহ ধৰি দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত শ্যামপুৰ গাঁৱত থকা অস্থায়ী শিবিৰত আশ্ৰয় লৈ আছে। শিবিৰটোৰ বহু সংখ্যক লোকে নানা বেমাৰত ভুগিছে। শিশুৰ পৰা বৃদ্ধ সকলোৱে পেটৰ তাড়নাত হাহাকাৰ কৰিছে।

বৰষুণত তিতি, ৰ'দত শুকাই দিন ৰাতি পাৰ কৰিছে। খবৰ ল’বলৈ সময় নাই পঞ্চায়ত সভাপতি, স্থানীয় বিধায়কৰ। হঠাৎ খাদ্যৰ টোপোলা লৈ বানাক্ৰান্তৰ মাজত কলাইগাঁও সমষ্টিৰ শ্যামটিলা জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য যুৱ নেতা হুমায়ুন কবিৰ। হাঁহি মুখে গ্ৰহণ কৰিছে খাদ্যৰ টোপোলা বানাক্ৰান্তই। ব্যক্তিগত ধনেৰে বানাক্ৰান্তক খাদ্য যোগান ধৰা কাৰ্যক প্রশংসা কৰিছে স্থানীয় লোকৰ লগতে কৃষক মুক্তি, অসম সংখ্যালঘু জাতীয় পৰিষদ আদি বিভিন্ন সংগঠনে। কবিৰৰ লগত সহযোগিতা কৰে হাফিজুৰ হক, আমিনুল ছাদেক আৰু অবাইদুল্লাহ হকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।