মৰিগাঁৱত সাহায্য বিতৰণ

 07/24/2019 - 18:53

জাগীৰোডঃ মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ জৰিবৰ গাঁও পঞ্চায়তৰ ঔগুৰি গাঁৱত প্ৰতিবিম্ব লাইভৰ সাংবাদিক, ইউকো বেংক জাগীৰোড আৰু কোঅপাৰেটিভ বেংক জাগীৰোড আৰু আপোন মচলাৰ যৌথ সহযোগিতাত বিশুদ্ধ খোৱাপানী, কণ কণ ল’ৰা-ছোৱালীক বিস্কুট আৰু মহিলাসকলৰ মাজত নেপকিন বিতৰণ কৰা হয়।

বিতৰণত সহায় কৰে মৰিগাঁও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সমাজ সেৱক মহানন্দ পাটগিৰি আৰু লাহৰীঘাট সমষ্টিৰ উদীয়মান যুৱক আব্দুৰ ৰাশ্বিদ আহমেদে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।