জন্মদিন উপলক্ষে শৰীৰ দান কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে

 07/24/2019 - 18:59

যোৰহাটঃ আজি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ জন্মদিন। বিধায়কগৰাকীৰ জন্মদিন উপলক্ষে যোৰহাট প্ৰেছ ক্লাৱত এক সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদ মেলত কুৰ্মীয়ে তেওঁৰ শৰীৰ যোৰহাটৰ একলব্য ফাউণ্ডেচনক আৰু দুয়োটা চকু জেউতি আই বেংকলৈ দান কৰে। বুধবাৰে বিধায়কগৰাকীয়ে সংবাদ মেলতেই ইয়াৰ চুক্তিনামা একলব্য ফাউণ্ডেচনৰ ডঃ দেবব্ৰত শৰ্মা আৰু জেউতি আই বেংকৰ অশোক সেনাপতিৰ হাতত প্ৰদান কৰাৰ লগতে দুয়োটা সংস্থালৈ দহ হাজাৰ টকাকৈ আগবঢ়ায়।

অন্যহাতে যিহেতু এজন ব্যক্তিৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ অংগ ৬, ৭ ঘণ্টাৰ ভিতৰত আনৰ দেহত সংৰোপন কৰিব পাৰে সেয়েহে এই অংগ সংৰোপন যাতে খৰতকীয়া কৰিব পাৰে তাৰবাবে তেওঁ অসম চৰকাৰক এখন এয়াৰ এম্বুলেঞ্চ ক্ৰয় কৰিবলৈ দাবী জনোৱাৰ লগতে কুর্মীয়ে ইয়াৰ বাবে এক লাখ টকা তেওঁৰ দৰমহাৰ পৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰিব বুলি জানিবলৈ দিয়ে।

তদুপৰি তেওঁ অসমত দান কৰা মৃতদেহ আৰু অংগ সংৰক্ষণৰ উন্নত ব্যৱস্থা কৰিবলৈ দাবী জনায়। উক্ত অনুষ্ঠানত তেওঁৰ পত্নী মাঞ্চুৰীয়া বৰদলৈ কুৰ্মীও উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।