গুৱাহাটী লেণ্ডমাৰ্ক হোটেলত টপচেম চিমেণ্টৰ সংবাদ মেল

 07/24/2019 - 19:17

গুৱাহাটীঃ বুধবাৰে উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী চিমেণ্ট প্ৰতিষ্ঠান টপচেম চিমেণ্টে গুৱাহাটী লেণ্ডমাৰ্ক হোটেলত আয়োজন কৰে এখন সংবাদ মেল। সংবাদ মেল যোগে জনায় যে আৰ্থিকভাৱে অনগ্ৰসৰ তথা দৃষ্টি শক্তি হেৰুওৱা বৃদ্ধ লোকসকলৰ বাবে প্ৰতি বছৰে বিনামূলীয়া চকু পৰীক্ষণ তথা কেটেৰেক্ট অস্ত্ৰোপচাৰ শিবিৰ অনুষ্ঠিত কৰি আহিছে। এই বৰ্ষটোতো ২০ গৰাকী ৰোগীৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব বুলি জানিবলৈ দিছে।

শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত ২০ জুলাইত কামৰূপ গ্ৰাম্য জিলাৰ উত্তৰ গুৱাহাটীস্থিত আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে এক বিনামূলীয়া চকু পৰীক্ষণ শিবিৰৰ অনুষ্ঠিত কৰি সৰ্বমুঠ ১৬২ গৰাকী ৰোগীৰ চকু পৰীক্ষা কৰে। এই সন্দৰ্ভত মেঘালয় চিমেণ্টৰ ক্ৰয় আৰু বিপণন বিভাগৰ অধ্যক্ষ ডঃ অনিল কাপুৰে কয় যে চকু হ’ল আত্মাৰ জ্ঞানস্বৰূপ। আমাৰ দৈনন্দিন জীৱনত চকুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সম্ভৱতঃ চকুৱেই হ’ল ঈশ্বৰে আমাক প্ৰদান কৰা সবাতোকৈ সুন্দৰ উপহাৰ।

আনহাতে অসমত হোৱা মূষলধাৰ বৰষুণে ৰাজ্যখনৰ বিভিন্ন স্থানত বানপানীৰ সৃষ্টি কৰি সাধাৰণ জীৱন ব্যাহত কৰিছে। ৰাজ্যৰ এই পৰিস্থিতি অনুধাৱন কৰি টপচেম চিমেণ্টে ফিডিং ইণ্ডিয়াৰ সহযোগত ২৮ জুলাইত মৰিগাঁও জিলাত এক বানসাহায্য শিবিৰৰ আয়োজন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।