ক্ষেত্ৰীত বান সাহায্য বিতৰণ

 07/24/2019 - 19:22

উত্তৰ গুৱাহাটীঃ প্ৰলয়ংকাৰী বানপানীয়ে বিধ্বস্ত কৰা ক্ষেত্ৰী অঞ্চলত বানাক্ৰান্তসকলক আজি সহায় হাতত আগবঢায়। যুৱ বাহিনী অসম, ক্ৰিয়েচন মোচন পিক্সাৰ আৰু বৰঠাকুৰ আই এছ একাডেমী সংগঠনৰকেইটাই আজি ক্ষেত্ৰীৰ বান বিধ্বস্ত পূব মালয়বাৰী অঞ্চলত বানাক্ৰান্ত ৰাইজলৈ সাধ্য অনুসৰি কিছু সাহায্য প্ৰদান কৰে।

সংগঠনকেইটাৰ এই প্ৰচেষ্টাত যি সকল মহান ব্যক্তিয়ে সহায় সহযোগ কৰিলে তেওঁলোকলৈ ধন্যবাদ লগতে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে পীড়িতসকলক আগন্তুক দিনবোৰত আৰু অধিক সাহায্য প্ৰদানৰ বাবে প্ৰয়াস অব্যাহত ৰাখিব বুলি সংগঠনকেইটাৰ তৰফৰ পৰা জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।