তপন-মণিমাধৱৰ হৈ প্ৰচাৰ চলাবলৈ আহিব অমিত শ্বাহ

 03/27/2019 - 13:12

যোৰহাটঃ চৌপাশে ঢৌ উঠিছে লোকসভা নিৰ্বাচনৰ। দলসমূহ নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। এই নিৰ্বাচনী প্ৰচাৰতে ভাগ ল’বলৈ বৃহস্পতিবাৰে যোৰহাটলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। যোৰহাটৰ চতাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব বিজেপি নেতাগৰাকীয়ে।

যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে। ইফালে কলিয়াবৰতো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব তেওঁ। কলিয়াবৰত অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শ্বাহে। অমিত শ্বাহক আদৰিবলৈ ব্যস্ত হৈ পৰিছে বিজেপিৰ দলীয় নেতা-কৰ্মী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।