প্ৰেমৰ বাবে আত্মহত্যা যমুনামুখৰ যুৱকৰ

 07/24/2019 - 19:47

হোজাইঃ প্ৰেমে নামানে কোনো জাতি নামানে কোনো ভেদাভেদ। এজন প্ৰেমিকে প্ৰেমৰ কাৰণে অকালতে জীৱন হেৰুৱাব লগা হোৱাৰ অভিযোগ উঠিছে। এই কৰুণ ঘটনা সংঘটিত হৈছে যমুনামুখৰ ভেদৌআটিত। অভিযোগ অনুসৰি ভেদৌআটিৰ ৰকিব উদ্দিনৰ পুত্ৰ মিৰজান আলীৰ বহুদিনৰ পৰা প্ৰেমৰ সম্পৰ্ক আছিল পূব বগুৰিৰ হুসমত আলীৰ কন্যাৰ সৈতে।

আজি পুৱা প্ৰেমিকাৰ মোমায়েক চাহাবউদ্দীনে যুৱকজনক প্ৰেম কৰাৰ অপৰাধত হত্যাৰ ভাবুকি দিয়ে। লগতে তেওঁৰ পৰিয়ালকো ধ্বংস কৰাৰ ভাবুকি দিয়ে। ভাবুকিৰ পিছতেই শংকিত হৈ পৰে মিৰজান আলী। পাছত মিৰজান আলীয়ে নিজ বাৰীৰ পিছফালে এজোপা গছত চিপ লৈ আত্মহত্যা কৰে। চাহাব উদ্দীনক হত্যাৰ অভিযোগত অতি সোনকালে গ্ৰেপ্তাৰৰ দাবী জনাইছে স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।