বানৰ কৱলত বৰপেটাৰ ঘােনা পাৰা চাৰিশ পৰিয়ালঃ পৰ্যাপ্ত পৰিমাণৰ সাহায্যৰ দাবী বানাক্ৰান্তৰ

 07/24/2019 - 19:54

হাউলীঃ সমগ্ৰ ৰাজ্যখনৰ লগতে নামনি অসমৰ বৰপেটা জিলাৰ ভিন্ন প্ৰান্তৰ সৈতে বৰপেটা ৰাজহ চক্ৰৰ দাৱালীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত হাউলীৰ কদমগুৰীৰ ঘোনা পাৰাতো সম্প্ৰতি চাৰিশ পৰিয়াল বানৰ কৱলত পৰিছে। অঞ্চলটোৰ একমাত্ৰ পথ ইতিমধ্যে কেইবা ঠাইত ছিঙি যোৱাৰ ফলত স্থানীয় ৰাইজৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে বিশেষভাৱে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে।

বিগত পোন্ধৰ দিন ধৰি নেৰেনেপেৰা বৰষুণৰ ফলত আনকি পল্লা নদীৰ বাঢ়নি পানীয়ে প্ৰতিটো ঘৰৰ ভিতৰত প্ৰবেশ কৰাত স্থানীয় ৰাইজে কষ্টকৰ পৰিবেশত জীৱন যাপন কৰিবলগীয়া হৈছে। অঞ্চলটোত জিলা প্ৰশাসনৰ তৰফৰ পৰা মানুহ আৰু পশু ধনৰ কিছু সাহায্য প্ৰদান কৰা হৈছিল যদিও ই পৰ্যাপ্ত পৰিমাণৰ নহয় বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। সম্প্ৰতি অঞ্চলটিত মানুহ আৰু পশু ধনৰ খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বুলি সাংবাদিক প্ৰতিনিধি দলৰ আগত স্থানীয় ৰাইজে প্ৰকাশ কৰে।

ইপিনে দাৱালীয়াপাৰা, ঢাকালীয়াপাৰা, কদমগুৰী আদি গাঁৱত পুনৰ পল্লা নদীৰ বাঢ়নি পানীয়ে জলমগ্ন হৈ পৰাত স্থানীয় ৰাইজে শংকিত হৈ পৰিছে। পঞ্চায়তটোৰ বিস্তৃীৰ্ণ অঞ্চলৰ পুখুৰীসমূহৰ মাছ ওলাই যোৱাত মীন পালকসকলে মূৰে-কপালে হাত দিবলগীয়া হৈছে। বানপীড়িত অঞ্চলটোত পৰ্যাপ্ত পৰিমাণৰ চৰকাৰী সাহায্য প্ৰদান কৰিবলৈ সমাজ কৰ্মী তথা কদমগুৰী আঞ্চলিক আমছুৰ উপদেষ্টা আব্দুৰ ৰেজ্জাকে জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।