বিজনীত যুৱতীক দলবদ্ধ ধৰ্ষণঃ ৫ ধৰ্ষণকাৰীক আটক

 07/24/2019 - 20:11

বিজনীঃ চিৰাঙ জিলাৰ বিজনীত দলবদ্ধ ধৰ্ষণ এগৰাকী যুৱতীক (১৭)। যুৱতীগৰাকী বৰপেটাৰ বাসিন্দা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে। যুৱতীগৰাকীক কাম দিয়াৰ প্ৰলোভনেৰে ফোন যোগে মাতি আনিছিলে ৬ জনৰ এজন যুৱকে। পাছত যুৱতীগৰাকী বিজনী আহি পোৱাত ই-ৰিক্সাত উঠাই এক অজ্ঞাত স্থানলৈ নি ৬ জন নৰপিশাচে দলবদ্ধ ধৰ্ষণ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। মঙলবাৰে বিজনী আৰক্ষী বিষয়া প্ৰকাশ মেধীৰ নেতৃত্বত বিজনী আৰক্ষীৰ ভাৰপ্ৰপ্ত বিষয়া ৰূপক কুমাৰ বৰাৰ সহযোগত যুৱতীগৰাকীক উদ্ধাৰ কৰিব সক্ষম হয়।

আনহাতে বিজনী আৰক্ষীৰ অভিযানত পাঁচ জনকৈ ধৰ্ষণকাৰীক আটক কৰিবলৈ সক্ষম হয়। আন এজন ধৰ্ষণকাৰী পলাতক অবস্থাত আছে। অতি শীঘ্ৰে পলাতক ধৰ্ষণকাৰীজন আটক কৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আটকাধীন ধৰ্ষণকাৰীকেইজন ক্ৰমে ৰেজাবুল আলী (২৩), মহিবুল মণ্ডল (২১), বিল্লাল হুছেইন(১৯) ৰফিকুল আলী (১৯), সমৰ আলী (২৩)। সমৰ আলীৰ ঘৰ বাতাবাৰী আৰু বাকী কেইজনৰ ঘৰ দুতুৰী বুলি আৰক্ষীয়ে জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।