মৰিয়নীত সুৰাৰ মেলাঃ প্ৰায় পাঁচ লক্ষ্যাধিক টকাৰ অৰুণাচলী সুৰা জব্দ

 07/24/2019 - 20:16

মৰিয়নীঃ মৰিয়নীত বৃহৎ পৰিমাণৰ অৰুণাচলী অবৈধ সুৰা জব্দ। মৰিয়নীৰ নিউ সোণোৱাল ডানী গাঁৱৰ দুই কুখ্যাত সুৰা মাফিয়া ৰাম দাস আৰু বলৰাম দাসৰ গৃহত উদ্ধাৰ প্ৰায় ৫লাখ টকা মূল্যৰ অৰুণাচলী সুৰাৰ কাৰ্টন। মৰিয়নীস্থ আবকাৰী বিষয়া মঃ কামালুন্দিন আহমেদৰ নেতৃত্বত যোৱা এটা পাঁচ জনীয়া দলে অভিযান চলাই জব্দ কৰে সুৰাসমূহ৷

অভিযানৰ খবৰ পাই পলায়ন কৰে দুই সুৰা মাফিয়াই। দীঘদিন ধৰি যোৰহাট শিৱসাগৰত অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছিল ৰাম দাস, বলৰাম দাসে৷ আবকাৰী বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে সুৰা ব্যৱসায়ী ৰাম দাস আৰু বলৰাম দাসৰ বিৰুদ্ধে আইনীভাৱে আবকাৰী বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লগতে অনাগত দিনবোৰত মৰিয়নীত গঢ় লৈ উঠা এই অবৈধ সুৰাৰ বিৰুদ্ধে তীব্ৰ পদক্ষেপ গ্ৰহণ কৰিব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।