পশ্চিম কাৰ্বি আংলঙৰ চিণ্ঠঙত ভূমিস্খলনঃ যাতায়ত ব্যাহত

 07/24/2019 - 20:24

হামৰেণঃ এপষেক ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত আজি দুপৰীয়া পশ্চিম কাৰ্বি আংলং জিলাৰ চিণ্ঠং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দুৰ্গম পাহাৰীয়া অঞ্চল লুমহামপুৰত ভয়াৱহ ভূমিস্খলনত এটা প্ৰকাণ্ড শিল ঘাই পথটোৰ সোঁমাজত বাগৰি পৰে৷

যাৰ ফলত বাতৰি যুগুতোৱা পৰলৈকে চিণ্ঠঙৰ পৰা যাত্ৰীবাহী বাছসমূহৰ যাতায়ত ব্যাহত হৈ পৰে৷ ইপিনে জিলাখনৰ গড়কাপ্টানি বিভাগেও এই দুৰ্গম পাহাৰীয়া ঘাই পথটো যাতায়তৰ ব্যৱস্থা সুচল কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি স্থায়ী লোকে জানিবলৈ দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।