খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ বান সাহায্য বিতৰণ

 07/24/2019 - 20:31

গুৱাহাটীঃ অসমৰ খিলঞ্জীয়া মানুহ আজি অকলশৰীয়া। খিলঞ্জীয়া মানুহৰ লগত কোনো নাই। বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে শতিকাৰ আটাইতকৈ গম্ভীৰ বান পানীৰ ক্ষেত্ৰত অসমৰ খিলঞ্জীয়া ৰাইজৰ ক্ষেত্ৰত প্ৰকাশ কৰা অনীহা চিন্তনীয়। এইয়া এক প্ৰত্যাহ্বানৰ সময় আৰু এই সময়ত খিলঞ্জীয়াই একগোট হৈ বানপীড়িতক সহায় কৰিব লাগিব। এই ভাষ্য খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰতিষ্ঠাপক সভাপতি অমিতাভ শৰ্মাৰ। উত্তৰ কামৰূপৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত বৰকা, আঠগাঁও, লখিতলা আদিৰ প্ৰায় 8 টা শিবিৰত মৰ্চাই বান সাহায্য সামগ্ৰী বিতৰণ কৰে।

বান সাহায্য অভিযান পৰিচালিত কৰে খিলঞ্জীয়া স্বেচ্ছাসেৱী অভিযান পৰিষাদে। এই অভিযানত খিলঞ্জীয়া জাগক আৰু জগাওক, নেইডো, নেগদেলকে আদি কৰি প্ৰায় ৭ টা দল-সংগঠনে অংশ গ্ৰহণ কৰে। বানপীড়িতক চাউল, দাইল, বিস্কুত, ব্লিচিং পাউদাৰ, খোৱা পানী বটল, চেনিটেৰী নেপকিন, বস্ত্ৰ আদি নানান সামগ্ৰী বিতৰণ কৰে।

এই অভিযানত খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ সমন্বয়ক বিশ্বজিত ভাগৱতী, অনুশাসন সচিব ৰমেন পাঠক, প্ৰচাৰ সচিব দ্বয় অজিত হাজৰিকা, মণ্টু গগৈ, সদস্য নিকুমনি বৰ্মন আদিকে প্ৰমুখ্য কৰি এটা সজাতি দলে বান সাহায্য বিতৰণ কৰে। এই অভিযানৰ পৰা প্রায় ১০০০ টা পৰিয়াললৈ বান সাহায্য বিতৰণ কৰা হয়। উল্লেখযোগ্য যে খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ নেতৃত্বত ব্যাপক হাৰত বান সাহায্য অভিযান অসমৰ চৌদিশে চলি আছে আৰু আগ্ৰহী ব্যক্তিক বান সাহায্য প্ৰদান কৰিবলৈ এই বাৰ্তাৰ জড়িয়তে খিলঞ্জীয়া অধিকাৰ মৰ্চাই আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।