কাকপথাৰত যৌন নিৰ্যাতনৰ বলি কণমানি কিশোৰ

 07/24/2019 - 20:38

কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰত সংঘটিত হৈছে যৌন নিৰ্যাতনৰ দৰে এক ঘৃনণীয় ঘটনা৷ জানিব পৰা মতে যোৱা ২২ জুলাইত কাকপথাৰৰ ৰোহিত কৰ্মকাৰ (নানু ১৮) নামৰ এজন যুৱকে ঘৰৰ ওচৰৰে এটি প্ৰায় ৭ বছৰীয়া কিশোৰক সুৰাপান কৰি নিচাসক্ত অৱস্থাত যৌন নিৰ্যাতন চলায়৷ পাছত কিশোৰজনৰ স্বাস্থ্য দ্ৰুতগতিত অৱনমিত হোৱা দেখি অভিভাৱকে কিশোৰজনক প্ৰশ্ন কৰাত সম্পূৰ্ণ ঘটনা পোহৰলৈ আহে৷

ভুক্তভোগী কিশোৰজনৰ মন্তব্যৰ ভিত্তিত অভিভাৱকে সংবাদ মাধ্যমক জনোৱা মতে ২২ জুলাইৰ দিনা ৰোহিত কৰ্মকাৰে এখন যাত্ৰীবাহী মেজিকৰ ভিতৰত সংঘটিত কৰে এই ঘটনা আৰু ঘটনা সংঘটিত কৰি কিশোৰজনক উক্ত বিষয়টোৰ কথা কাকো নজনাবলৈ ভয় ভাবুকি দিয়ে৷ পাছত ঘটনাৰ কথা কিশোৰজনৰ অভিভাৱকে জানিব পাৰি কাকপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷

যৌন নিৰ্যাতনৰ বলি হোৱা কিশোৰজনক আৰক্ষীয়ে চিকিৎসাৰ বাবে কাকপথাৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ নিয়ে আৰু তাৰ পৰা উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ আৰক্ষীয়ে সম্প্ৰতি কিশোৰজনৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত C/no ৪৩/২০১৯ নম্বৰ ৩৭৭/৩৩৫ আই পি চিৰ অধীনত গোচৰ ৰুজু কৰি অভিযুক্তক জেল হজোতলৈ প্ৰেৰণ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।