বানৰ কবলত বঙাইগাঁওবাসীঃ বান শিবিৰত আশ্ৰয় বন্যাৰ্তৰ

 07/24/2019 - 20:44

মাণিকপুৰঃ বঙাইগাঁও জিলাৰ আই, মানাহ আৰু পোকালাগী নদীৰ বাঢ়নী পানীয়ে উত্তৰ অভয়াপুৰী সমষ্টিত হাহাকাৰৰ সৃষ্টি কৰিছে। পানী বৃদ্ধি পোৱাত আপোন ঘৰখন এৰি মানুহে মথাউৰি, বজাৰ গৃহ, দলং আদিৰ ওপৰত আশ্ৰয় ল’বলগীয়া হৈছে। প্ৰায় পৰিয়ালৰ ঘৰত এবুকু পানী। গোলাপাৰাৰ পৰা কীৰ্ত্তনপাৰা যোৱা ৰাস্তাৰ মাজত ছিঙি গৈছে। বাংলাপাৰাত কেইবাটাও ৰাস্তা ডুব যোৱাৰ লগতে মথাউৰী তিনি ঠাইত ছিঙিছে।যিকোনো মুহূৰ্ততে চাকলাৰ পৰা নাম্বাৰপাৰালৈ যোৱা ৰাস্তা ছিঙি যোৱাৰ আশংকা আছে।

শৌলমাৰীত ২টা, নাম্বাৰপাৰাত ৪ টা, গোলাপাৰাত ৩টা, কোকিলাত ২টা, বাংলাপাৰাত ৪টা, গনবিণ‍্যাত ৩টা, চলাকুৰা ১টা, বালাৰচৰত ৩টা, ভাণ্ডাৰাত ২টা, জামদহাত ৩টা, নাম্বাৰপাৰাত তৃতীয় খণ্ডত ৩টা, আঁলাগুৰী ১টা আশ্ৰয় শিৱিৰত গৰু-ছাগলীৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে বন্যাৰ্তই। বেছিভাগ শিৱিৰত ৰন্ধাৰ ব্যৱস্থা কৰিব পৰা নাই।চকুৰ পলকতে বাংলাপাৰাত কেইবাটাও পৰিয়ালৰ ঘৰ উটুৱাই নিয়ে পানীৰ কোৱাল সোঁতে।

উত্তৰ অভয়াপুৰী সমষ্টিত এক হাহাকাৰৰ সৃষ্টি হৈছে।স্থানীয় বিধায়ক আব্দুল হাই নাগৰিয়ে বান পানীয়ে বিধ্বস্ত কৰা এলেকাৰ বুজ লৈ জিলা প্ৰশাসনক অতি শীঘ্ৰে শিৱিৰত খাদ্যৰ যোগান ধৰিবলৈ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।