দেশজুৰি এ ডি আৰ আৰৰ সমীক্ষাঃ ফুটুকাৰ ফেন মোডীৰ ‘অচ্ছে দিন’

 03/27/2019 - 13:48

নতুন দিল্লীঃ ২০১৪ চনৰ লােকসভা নির্বাচনৰ প্ৰচাৰত দেশবাসীক ‘অচ্ছে দিন’ৰ স্বপ্ন দেখুওৱা প্রধানমন্ত্রী নৰেন্দ্র মােডী যে বিগত পাঁচ বছৰত শােচনীয়ভাৱে ব্যর্থ হ’ল সেয়া প্রতিপন্ন হৈছে দেশজুৰি চলােৱা এক ব্যাপক সমীক্ষাত। দেশৰ ৫৩৪ টা লােকসভা সমষ্টিৰ ২ লাখ ৭৩ হেজাৰ ৪৮৭ গৰাকী ভােটাৰক লৈ দেশৰ অগ্রণী স্বেচ্ছাসেৱী সংগঠন ‘এছচিয়েচন ফৰ ডেমক্রেটিক বিফর্মছ’ (এ ডি আৰ)-এ চলাইছিল এই সমীক্ষা।

মােডী চৰকাৰৰ এই ৰিপ'র্ট কার্ডত দেখা গৈছে— প্রধানমন্ত্রী মােডীয়ে যি প্রতিশ্রুতি বন্যাৰে ভােটাৰক সন্তুষ্ট কৰিবলৈ চেষ্টা নকৰক কিয়, বাস্তৱক্ষেত্ৰত মােডী চৰকাৰৰ কাম-কাজত দেশৰ সাধাৰণ জনতা মুঠেই সন্তুষ্ট নহয়। সমীক্ষাই সামৰি লােৱা অধিকাংশ ভােটাৰেই প্ৰকাশ কৰিছে কর্মসংস্থান সৃষ্টিৰ পৰা আইনশৃংখলাপর্যন্ত সকলাে ক্ষেতে শােচনীয়ভাৱে ব্যৰ্থ হৈছে মােডী চৰকাৰ। ২০১৮ চনৰ অক্টোবৰ আৰু ডিচেম্বৰ মাহত চলােৱা সমীক্ষাটোত দেখা গৈছে যে দেশৰ নিৰাপত্তা বা সন্ত্রাসবাদী আক্ৰমণতকৈও দেশবাসীৰ অধিকাংশই অধিক চিন্তিত কর্মসংস্থান, খােৱাপানী বা চিকিৎসাৰ দৰে বিষয়ক লৈহে।

সমীক্ষাটোত অৱশ্যে ভােটাৰে কাক ভােট দিব সেই প্রশ্ন সােধাতকৈ দেশবাসীয়ে চৰকাৰৰ পৰা কি আশা কৰে তাকলৈহে মতামত গ্রহণ কৰা হৈছিল। সমীক্ষাটোৰ মতে দেশৰ ৪৬.৮ শতাংশ ভােটাৰৰ মতে দেশৰ বাবে আটাইতকৈ প্রয়ােজনীয় হ’ল নতুন কর্মসংস্থাপন সৃষ্টি। ৩৪.৬ শতাংশই অগ্রাধিকাৰ দিছে চিকিৎসা সেৱাৰ ক্ষেত্ৰত। একেদৰে খােৱাপানীক ৩০.৫ শতাংশ, ৰাস্তা-ঘাটক ২৮.৩ শতাংশ, পৰিবহণক ২৭.৪ শতাংশ, জলসিঞ্চনক ২৬.৪ শতাংশ, কৃষি ঋণৰ সুবিধাক ২৫.৬ শতাংশ, কৃষিজাত সামগ্রী ক্রয় মূল্য বৃদ্ধিক ২৫.৪ শতাংশ, সাৰ-বীজৰ ৰাজসাহায্যক ২৫.১ শতাংশ আৰু আইন-শৃংখলাক ২৩.৯ শতাংশই অগ্রাধিকাৰ দিছে এই সমীক্ষাত।

এই দহটা বিষয়ত মােডী চৰকাৰৰ সফলতাক ৫ নম্বৰৰ ভিতৰত সূচীভুক্ত কৰাৰ বাবে সমীক্ষাটোত কোৱাৰ পাচত কর্মসংস্থান সৃষ্টিত মােডী চৰকাৰৰ কামক মাত্র ২.২ নম্বৰহে দিয়ে ভােটাৰসকলে। একেদৰে চিকিৎসাসেৱাৰ ক্ষেত্ৰত মােডী চৰকাৰৰ সাফল্যক ২.৪ নম্বৰ, খােৱাপানীৰ ক্ষেত্ৰত ২.৫, ৰাস্তা-ঘাটৰ ক্ষেত্ৰত ২.৪, পৰিবহণৰ ক্ষেত্ৰত ২.৬ নম্বৰহে দিয়ে সমীক্ষাটোত অংশগ্রহণ কৰা ভােটাৰসকলে।

চহৰ আৰু গ্ৰাম্য এলেকাৰ ভােটাৰসকলৰ মতামত ভিন্নতা থাকিলেও দুয়াে এলেকাৰ ভােটাৰে কর্মসংস্থানকে অগ্রাধিকাৰ দিছে। ২০১৭ চনত অল ইণ্ডিয়া মিড টার্ম শীর্ষক এটা সমীক্ষা চলাইছিল এ ডি আৰে। ২০১৭ আৰু ২০১৮ চনৰ সমীক্ষা দুটাৰ তুলনামূলক অধ্যয়নত দেখা গৈছে যে চাকৰি সৃষ্টি আৰু চিকিৎসাসেৱাৰ ক্ষেত্ৰত সম্পূর্ণভাৱে ব্যর্থ আছিল মােডী চৰকাৰ।

২০১৭ চনতকৈ ২০১৮ চনত মােডী চৰকাৰৰ কাম-কাজ আছিল নিম্নমানৰ। ৰাজ্য হিচাপে ভােটাৰৰ অগ্রাধিকাৰৰ তাৰতম্য দেখা পোৱা গৈছে। বিহাৰ, ছত্তীশগড়, ঝাৰখণ্ড, মধ্যপ্রদেশ, ৰাজস্থান, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ ভােটাৰে অধিক গুৰুত্ব দিয়ে কর্মসংস্থাপনৰ প্ৰয়ােজনীয়তাত। ওড়িশা, কর্ণাটক আৰু দমন ডিউৰ ভােটাৰে খােৱাপানীক, দিল্লীৰ ভােটাৰে যানজঁটক, চণ্ডীগড়ৰ ভােটাৰে পানী আৰু জলপ্রদূষণ নিয়ন্ত্রণ, মেঘালয়ৰ ভােটাৰে কৃষিবীজ আৰু সাৰৰ ৰাজসাহায্য আৰু ত্ৰিপুৰাৰ ভােটাৰে কৃষিঋণৰ সুবিধাক অগ্রাধিকাৰ দিছে।

কর্মসংস্থাপন সৃষ্টিত মােডী চৰকাৰৰ ব্যর্থতাই যে আন ক্ষেত্ৰত তেওঁৰ সফলতাক ম্লান কৰি তুলিছে, সেই কথা এ ডি আৰৰ সমীক্ষাত প্রতিপন্ন হৈছে। প্রশ্ন হয়— এই ব্যর্থতাই মােডী চৰকাৰৰ বিৰুদ্ধে দেশত প্রতিষ্ঠানবিৰােধী ঢৌ সৃষ্টি কৰিব নেকি? এই অসন্তুষ্টিয়ে বিদায় ঘটাব নেকি কেন্দ্রৰ মােডী চৰকাৰক ?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।