তামুলপুৰ আৰ বি এছ ক্লাৱৰ উদ্যোগত বান সাহায্য বিতৰণ

 07/24/2019 - 21:13

তামুলপুৰঃ আৰ বি এছ ক্লাৱ, তামুলপুৰৰ উদ্যোগত আৰু তামুলপুৰ আছু, যুৱ মঞ্চ আৰু তামুলপুৰীয়া গ্ৰুপৰ সহযোগত বুধবাৰে অসমৰ বানপীড়িত অঞ্চললৈ গৈ বানাক্ৰান্ত লোকক সাহায্য প্ৰদান কৰা হয়। জানিব পৰা মতে উল্লিখিত অনুষ্ঠানকেইটাই বিগত কিছুদিন ধৰি তামুলপুৰ অঞ্চলৰ বিভিন্ন ঠাইত ঘূৰি ৰাইজৰ পৰা দান বৰঙণি, বস্ত্ৰ, খাদ্য সামগ্ৰী আদি সংগ্ৰহ কৰি বানপীড়িত মৰিগাঁও জিলালৈ গৈ মৰিগাঁও জিলাৰ অন্তৰ্গত বাখৰবাৰী, দিঘীলীবাৰী, ৰুপহীচুবুৰী নিগম, বৰখলা নিগম, চৰণগুৰী আৰু মধুপুৰ গাঁৱৰ প্ৰায় ১০০০ মানুহৰ মাজত চিৰা, চেনী, পানী, কল, বিস্কুট, ব্ৰেড, চাবোন আৰু কিছু বস্ত্ৰ বিতৰণ কৰে।

উল্লেখ্য যে ২০১৭ চনত প্ৰথম মাজুলী জিলাত এই সংগঠনে বান সাহায্য প্ৰদান কৰাৰে পৰা বছৰি বৃহত্তৰ তামুলপুৰৰ ৰাইজৰ সহযোগত দুৰ্গত লোকক বান সাহায্য প্ৰদান কৰি আহিছে। আৰ বিএছ ক্লাৱৰ সম্পাদক ধ্ৰুৱ জ্যোতি ঠাকুৰীয়াৰ নেতৃত্বত বান সাহায্য লৈ যোৱা ১২ জনীয়া দলটোৰ অন্যান্য সদস্যসকল আছিল প্ৰীতম মহন্ত, মানস তালুকদাৰ, চমাৰেশ বড়ো, ৰাহুল দাস, বিপুল দাস, প্ৰাঞ্জল দাস, তুষাৰ কলিতা ,ৰাকেশ দাস, ৰাকেশ আলী, ভাস্কৰ পাঠক আদি।

দুৰ্গত ৰাইজৰ বাবে দান-বৰঙণি, খাদ্য-বস্ত্ৰ আদি দি সহায়ৰ হাত আগবঢ়োৱা বাবে আৰ বি এছ ক্লাৱৰ সম্পাদক ধ্ৰুৱ জ্যোতি ঠাকুৰীয়াই তামুলপুৰ আছু, যুৱ মঞ্চ আৰু তামুলপুৰীয়াবাসীক ধন্যবাদ জ্ঞাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।