নাগ্ৰীজুলিত চুৰি মটৰ চাইকেল উদ্ধাৰ

 07/24/2019 - 21:15

তামুলপুৰঃ যোৱা ২২ জুলাইৰ নিশা গুৱাহাটীৰ গড়চুক আৰক্ষীয়ে ফইজুল আলী নামৰ এজন দুধর্ষ বাইক চোৰ আটক কৰাৰ পিছত চোৰজনক লগত লৈ আজি তামুলপুৰ আৰক্ষীয়ে নাগ্ৰীজুলিৰ বিভিন্ন ঠাইত অভিযান চলায়। উল্লেখ্য যে ফইজুল আলীৰ ঘৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বইটামাৰী গাঁৱত। বিগত এটা মাহত তামুলপুৰ মহকুমাৰ বিভিন্ন ঠাইত কেইবাখনো বাইক চুৰি হোৱা ঘটনা সংঘটিত হৈছিল।

জানিব পৰা মতে ধৃত ফইজুলৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতাই নাগ্ৰীজুলি আৰক্ষীৰ সহযোগত নাগ্ৰীজুলিৰ কোম্পানীবাৰী, গুৱাবাৰী আদি অঞ্চলত অভিযান চলাই তিনিখনকৈ চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে চুৰি কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত কেইবাজনো লোকক আটক কৰিছে। অৱশ্যে তদন্তৰ খাতিৰত আটাকাধীন লোক কেইজনৰ নাম আৰক্ষীয়ে প্ৰকাশ কৰাৰ পৰা বিৰত আছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে বাইক চুৰি ঘটনাৰ এক বৃহৎ চক্ৰ শীঘ্ৰেই আৰক্ষীৰ জালত পৰাটো নিশ্চিত হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।