বানৰ কবলত প্ৰায় ৫০০ শ বিঘা ঘাঁহ খেতিঃ মূৰে কপালে হাত দিছে কৃষকে

 07/24/2019 - 21:21

কলগাছিয়াঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ আদিতপুৰ, (টি.এন.ডি), জনতা, দিগজানি, বালিকুৰী আদিকে ধৰি প্ৰায় কুৰি খনৰো অধিক গাঁৱৰ অৰ্ধ শতাধিক নাৰ্ছাৰী-কৃষক-ব্যৱসায়ীৰ একমাত্ৰ জীৱিকা হৈছে ঘাঁহ উৎপাদন কৰা। কিন্তু বিগত কেইবা সপ্তাহৰ পৰা পৰি থকা নেৰা-নেপেৰা বৰষুণ আৰু ভয়াবহ বানপানীত ডুবি প্ৰায় ৫০০ বিঘাৰো অধিক ঘাঁহ খেতি ইতিমধ্যে বিনষ্ট হৈছে। ফলশ্ৰুতিত ঘাঁহ খেতি কৰা নাৰ্ছাৰী কৃষকসকলে মূৰে কপালে হাত দিব লগা হৈছে।

জানিব পৰা মতে জেকলিনা লাইফ নাৰ্ছাৰীৰ স্বতাধিকাৰী আব্দুল হাইৰ ১৫ বিঘা আৰু এ'গ্ৰু নাৰ্ছাৰীৰ স্বত্তাধিকাৰী আবু আহমেদ ১০ বিঘা, আবু চায়েদ ১২ বিঘা, ৰৌশ্বন আলি ৫ বিঘা, কলগাছিয়াৰ ডিমাপূৰৰ নাজমুল হকৰ ২ বিঘা প্ৰমুখ্যে কলগাছিয়া ৰাজহ চক্ৰৰ অধীনত প্ৰায় শতাধিক নাৰ্ছাৰী কৃষকৰ লগতে একাংশ সাধাৰণ ৰাইজে খেতি কৰা প্ৰায় পাঁচ শ বিঘা ঘাঁহ বিনষ্ট হৈছে। উল্লেখ্য যে প্ৰতি বিঘা ঘাঁহ খেতি কৰিবলৈ ৯০ হাজাৰ কৈ টকা খৰচ হোৱা বুলি জানিবলৈ দিয়ে জেকলিনা লাইফ নাৰ্ছাৰীৰ স্বতাধিকাৰী আব্দুল হাইয়ে। উক্ত ক্ষতিগ্ৰস্ত কৃষকসকলক উপযুক্ত চৰকাৰীভাৱে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।