বিৰলা এম্পৰিয়ামৰ সহযোগত বৰপেটাত বান সাহায্য বিতৰণ

 07/24/2019 - 21:24

বৰপেটাঃ গুৱাহাটীৰ জটিয়া কাহিলীপাৰাৰ নৱাৰুণ পথত অৱস্থিত বিৰলা এম্পৰিয়ামৰ এটি দলে বৰপেটাৰ বন্যাৰ্তৰ আশ্ৰয় শিবিৰত বান সাহায্য বিতৰণ কৰে। বলিয়া বানে চাৰিওফালে তাণ্ডৱ চলাই থকাৰ সমান্তৰালভাৱে বহুতৰে খাদ্য বাসস্থান কাঢ়ি নিছে। সেয়েহে বন্যাৰ্তসকলৰ দুখৰ মৰ্মবেদনা উপলব্ধি কৰি গুৱাহাটীৰ বিৰলা এম্পৰিয়ামৰ দলটিয়ে বৰপেটাৰ ধানবান্ধাত স্থিত উত্তৰ বৰপেটা মহাবিদ্যালয়ৰ বৰ্ন্যাতৰ আশ্ৰয় শিবিৰত খাদ্য সামগ্ৰী বিতৰণ কৰে।

উক্ত শিবিৰৰ এশ তিনিটা পৰিয়ালৰ মাজত এম্পৰিয়ামৰ সদস্য সকলে বিস্কুট, চেনী, গাখীৰ, চিৰা, ব্ৰেড, নিমখ, প্ৰাথমিক চিকিৎসা সামগ্ৰী, ফেনাইল আদি বিতৰণ কৰে। পৰৱৰ্তী পৰ্যায়ত বৃহৎ আকাৰত বন্যাৰ্তসকলৰ মাজত বিৰলা এম্পৰিয়ামৰ তৰফৰ পৰা বান সাহায্য বিতৰণ কৰিব বুলি জানিব দিয়ে। এম্পৰিয়ামৰ সদস্যসকলে চৰকাৰে বান সাহাৰ্য যোগান ধৰিছে যদিও সেয়া পৰ্য্যাপ্ত নহয় ইয়াতকৈ বেছি বান সাহাৰ্য যোগান ধৰিবলৈ চৰকাৰৰ প্ৰতি অনুৰোধ জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।