ৰঙিয়াৰ নাট্যশালাৰ গুৰু তথা অভিনেতা তৰুণ শইকীয়াৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

 07/24/2019 - 21:32

ৰঙিয়াঃ ৰঙিয়াৰ নাট্য জগতৰ বিশিষ্ট অভিনেতা তৰুণ শইকীয়াই বুধবাৰে মৃত্যুক সাৱতি লোৱাৰ পিছত আজি অগণন গুনমুগ্ধৰ উপস্থিতিত ৰঙিয়াৰ শান্তধামত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। আজি পুৱাৰ ভাগত শইকীয়াৰ নশ্বৰ দেহ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ নিয়াৰ পিছত ৰঙিয়া ছহীদ কৃষক ভৱনলৈ নিয়া হয়। ছহীদ কৃষক ভৱনত ৰঙিয়াৰ কেইবাটাও দল সংগঠনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছতে শইকীয়াৰ নশ্বৰ দেহ ৰাজহুৱা শ্মশানলৈ নিয়া হয়। শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সময়ত ৰাজ্যৰ আৰক্ষী প্ৰধান কুলধৰ শইকীয়া উপস্থিত হৈ অন্তিম শ্ৰদ্ধা জনায়৷

নাট্য জগতৰ এজন গুৰু হিচাপে প্ৰতিষ্ঠা লাভ কৰা প্ৰয়াত তৰুণ শইকীয়া দীৰ্ঘদিনৰ অসুস্থতাৰ বাবে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। কালি সন্ধিয়া ৫-৫০ বজাত অভিনয় গুৰুগৰাকীয়ে চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৪ বছৰ৷ বিশিষ্ট অভিনেতাগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰঙিয়াত সৰ্বত্ৰ গভীৰ শোকৰ ছাঁ পৰে৷ ইহসংসাৰত তেওঁ পত্নীৰ উপৰিও দুজন পুত্ৰ আৰু এগৰাকী কন্যা এৰি থৈ গৈছে৷ ১৯৬৮ চনত তেতিয়াৰ ৰঙিয়া হাইস্কুলত পঢ়ি থকা দিনতে তৰুণ শইকীয়াই ভৰি দিছিল নাটকৰ পথাৰত৷

ৰঙিয়া হাইস্কুলৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত নামভৰ্তি কৰে আৰু নিজৰ প্ৰতিভা প্ৰকাশৰ এখন বহল ক্ষেত্ৰ লাভ কৰে৷ পিছলৈ তেওঁ বি এ পাছ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত নাম লগায় আৰু বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ হৈ পৰে তৰুণ শইকীয়াৰ নাট্য প্ৰতিভা উত্তৰণৰ অন্যতম মঞ্চ৷ এই মঞ্চতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা আবৃত্তি কৰি তেওঁ প্ৰথম পুৰস্কাৰ আজুৰি আনিবলৈ সক্ষম হৈছিল৷ তৰুণ শইকীয়াই ৰঙিয়াৰ লগতে সমগ্ৰ উত্তৰ কামৰূপত জন্ম দিয়ে এক শক্তিশালী নাট্য আন্দোলন৷

তৰুণ শইকীয়াৰ হাতৰ পৰশতে ৰঙিয়াত জন্ম হয় ভালেকেইগৰাকী নাট্য প্ৰতিভাৰ৷ ইয়াৰ সমান্তৰালকৈ তৰুণ শইকীয়াই 'কাৰেঙৰ লিগিৰী', 'ৰূপালীম', 'মহাৰাজা', 'সময়', 'বিপদ ভঞ্জন'ৰ পৰা আৰম্ভ কৰি 'এক আছিল গাধ নাম তাৰ হিম্যৎ খা', 'চাৰিজন দোলাভাৰী আৰু সাউদৰ সাধু', 'ভোজ', 'হাইদৰ আলী', 'অংগীকাৰ'কে আদি কৰি শতাধিক নাটকত নিজে অভিনয় কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আলোড়ন সৃষ্টি কৰে৷ অসুখীয়া দেহাৰেও প্ৰয়াত শইকীয়াই ৰঙিয়াৰ নতুন চাম অভিনয় কলা কুশলীক শিকাই গৈছিল নাটকৰ নানান কলা কৌশল৷ সমাজৰ প্ৰতিটো কামতে সদাই প্ৰথম শাৰীত সৈনিকৰ ৰূপত অৱতীৰ্ণ হোৱা তৰুণ শইকীয়াৰ মৃত্যুত আজি ৰঙিয়াৰ শিল্পী সমাজ বাকৰুদ্ধ হৈ পৰিছে৷

আজি নিশা প্ৰয়াত শইকীয়াৰ নশ্বৰ দেহ ৰঙিয়া চহৰৰ বিদ্যাপুৰস্থিত ঘৰলৈ লৈ অহাৰ পিছত কাইলৈ তেওঁৰ ৰাজহুৱাভাৱে শেষকৃত্য সম্পন্ন কৰা হ’ব৷ এনে এগৰাকী নাট্য মহীৰূহৰ মৃত্যুত ৰঙিয়াৰ প্ৰতিজন লোকৰ অন্তৰে কান্দি উঠিছে৷ তেখেতৰ মৃত্যুত ৰঙিয়াৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা, প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো, সাংসদ ভূৱনেশ্বৰ কলিতাই গভীৰ শোক প্ৰকাশ কৰিছে৷

ৰঙিয়া প্ৰগতি সংঘ, ৰঙিয়া হজযাত্ৰী অভ্যৰ্থনা সমিতিৰ সভাপতি আব্দুল জব্বৰ, ৰঙিয়াৰ পৌৰ সভানেত্ৰী সীমা বৈশ্য, ৰঙিয়া জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি নৰেন্দ্ৰ শৰ্মা, ৰঙিয়া প্ৰেছ ক্লাৱ, উদয়ন সংঘ, ৰঙিয়া আলোচনী সভা, সদৌ অসম লেখিকা সমাৰোহৰ ৰঙিয়া সমিতি, নতুন সাহিত্য পৰিষদৰ ৰঙিয়া সমিতি, ৰঙিয়া প্ৰেছ ক্লাৱ, ৰঙিয়া আঞ্চলিক ছাত্ৰসন্থা, স্বস্তি হাস্পতাল কৰ্ত্তৃপক্ষ, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ ৰঙিয়া আঞ্চলিক সমিতি, গৰিয়া যুৱ ছাত্ৰ পৰিষদ, নটৰাজ নাট্যগোষ্ঠী, সংগম সংঘ, মুন সংঘ, তৰুণ সংঘ, নুপুৰ নৃত্য একাডেমী, স্বৰগোষ্ঠীকে ধৰি অসংখ্য অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে৷ বিশিষ্ট পৰিচালক পংকজ পল্লৱ শৰ্মাই তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে তৰুণ শইকীয়াৰ মৃত্যুত ৰঙিয়াৰ সাংস্কৃতিক জগতৰ এটি ভোটাতৰা খহি পৰিল।

ৰঙিয়াৰ নতুন চাম অভিনয় শিল্পীয়ে হেৰুৱালে এগৰাকী মৰমীয়াল অভিভাৱক৷ অসম জাতীয়তাবাদী যৱ ছাত্ৰ পৰিষদৰ উপদেষ্ঠা জ্যোতিৰময় কলিতা, সদৌ কামৰূপ জিলা ছাত্ৰসন্থাৰ সভাপতি দিবাকৰ কলিতা আৰু সাধাৰণ সম্পাদক হেমন্ত দাসেও শইকীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বাৰ্তা প্ৰেৰণ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।