ৰঙিয়াত মহকুমাধিপতিৰ স্বাধীনতা দিৱসৰ প্ৰস্তুতি উপলক্ষে সভা

 07/24/2019 - 21:36

ৰঙিয়াঃ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি উপলক্ষে আজি মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ সঞ্চালনাত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এখনি সভা অনুষ্ঠিত হয়। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি মহকুমাধিপতি বৰদলৈয়ে মহকুমাটোৰ প্ৰতিটো বিভাগক এইবেলি স্বচ্ছতাৰ প্ৰতি বিশেষ নজৰ ৰাখি স্বাধীনতা দিৱসৰ কাৰ্যসূচীসমূহ সুকলমে চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। সভাত ৰঙিয়া মহকুমাৰ কেইবাগৰাকী স্বনামধন্য ব্যক্তিয়ে গঠনমূলক পৰামৰ্শ আগবঢ়ায়।

আজিৰ এই সভাত ৰঙিয়া পৌৰ সভাৰ সভানেত্ৰী সীমা বিশ্বাস, সহকাৰী আয়ুক্ত কুমাৰ সুৰজিৎ বৰা, জয়ন্ত দাস, মহকুমা নিৰ্বাচনী বিষয়া ৰিপন জ্যোতি নাথ, ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া এমিলী বৰুৱা, কঞাৰ ৰাজহ চক্ৰ বিষয়া মনিকংকনা ভট্টাচাৰ্য্য, সংলগ্ন ৰাজহ চক্ৰ বিষয়া গায়ত্ৰী পাঠক, সহকাৰী আয়ুক্ত চম্পক ডেকা, উপ-পঞ্জীয়ন বিষয়া মনজিৎ দাস, উপ-কোষাগাৰ বিষয়া ৰাজ কুমাৰ পাঠক, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা, ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া সংমণ্ডলৰ মূখ্য পৰিচালক কল্লোল চৌধুৰী, ৰঙিয়াৰ খণ্ড উন্নয়ন বিষয়া এচ ডেকা, সদৌ অসম মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি কৃষ্ণ লহকৰ, কামৰূপ জিলা জেষ্ঠ্য নাগৰিক সমিতিৰ সভাপতি নৰেন্দ্ৰ শৰ্মা, প্ৰাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়ো, ৰঙিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিপক কুমাৰ কলিতা, ৰঙিয়া চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দ্ৰোণ কান্ত গগৈ, ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল বৰুৱা, খন্দিকৰ শংকৰ আজান জাতীয় বিদ্যালয়ৰ অধ্যক্ষ খগেন চন্দ্ৰ দাস, ৰঙিয়া মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফজলুল হক, বিশ্ব হিন্দু পৰিষদৰ ৰঙিয়া মহকুমাৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ চৌধুৰী, স্বেচ্ছাসেৱী সংস্থা সাধনাৰ সম্পাদক জ্যোতিষ কলিতা, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালক হৰগোবিন্দ দাস, সদৌ অসম গৰিয়া যুব ছাত্ৰ পৰিষদৰ সভাপতি আজিজুৰ ৰহমান, বিষয় শিক্ষক ড: চৈয়দ হবিবুল হক, জ্যেষ্ঠ নাগৰিক বংশীধৰ কলিতা, সুকুমাৰ কলিতা প্ৰমূখ্যে বহু গণ্য মান্য লোকে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।