ওদালগুৰিত অনুষ্ঠিত হয় 'নিউ ইণ্ডিয়া চৌপাল’

 03/27/2019 - 13:55

ওদালগুৰি: চৰকাৰে ৰাইজৰ সুবিধাৰ বাবে বিভিন্ন চৰকাৰী আঁচনি আগবঢ়াই থাকে। তেনেকুৱা এক অনুষ্ঠান হৈছে 'নিউ ইণ্ডিয়া চৌপাল’। চৰকাৰী আঁচনিৰ সুবিধাসমূহ ৰাইজক জনোৱাৰ অৰ্থে এই অনুষ্ঠানটো মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহলৈকে ৰাজ্যৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানত প্ৰতিখন জিলাৰ বাসিন্দাসকলক বিভিন্ন চৰকাৰী আঁচনিৰ উল্লেখেৰে প্ৰচাৰ-পত্ৰৰ লগতে বিভিন্ন চৰকাৰী আঁচনিসমূহৰ বিষয়ে এটা বিশেষ প্ৰদৰ্শনীৰে তথ্য প্ৰদান কৰা হয়। অনুস্থানটোত ৰাইজৰ বাৰ্তাসমূহ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিবলৈ 'জন কী বাত’ বুথৰো ব্যৱস্থা কৰা হয়। ৰাজ্যৰ বিভিন্ন অঞ্চলৰ দৰে ওদালগুৰি জিলাৰ কলাইগাঁঁও, হৰিশিঙা আৰু ওদালগুৰি মহকুমাতো ৫ৰপৰা ৮ মাৰ্চলৈ প্ৰায় ডেৰ সহস্ৰাধিক লোকৰ উপস্থিতিত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

এই আঁচনিসমূহৰপৰা লোকসকল কিদৰে লাভৱান হৈছে সেই বিষয়ে তেওঁলোকে এই সভাত ব্যক্তব্য আগবঢ়ায়। ২০১৯ চনৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দেশৰ ৩১৮ খন জিলাত এইটো অনুষ্ঠানৰ ৮,০০০ খন প্ৰচাৰ কাৰ্যসূচীৰ আয়োজন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।