ভূটানৰ পানীয়ে বুৰালে পাঠশালা অসামৰিক চিকিৎসালয়

 07/24/2019 - 21:37

বজালীঃ বজালী মহকুমাৰ বিভিন্ন অঞ্চলৰ বান পৰিস্থিতি অধিক ভয়ানকফালে গতি কৰিছে। বুধবাৰে গধূলি বিদেশী ৰাষ্ট্ৰ ভূটানে পানী এৰি দিয়াৰ লগে লগে নামনি অসমৰ বহুকেইখন ঠাই এতিয়া পানীৰ তলত। ভূটানে পানী এৰি দিয়াৰ লগে লগে পাঠশালা অসামৰিক চিকিৎসালয়ৰ লগতে বজালী মহকুমাৰ পাঠশালা, নিত্যানন্দ, মূগুৰীয়া, ৰিহাবাৰী, অকয়া আদি ন ন অঞ্চললৈ বান প্লাবিত হৈছে। ইতিমধ্যে কেইবাটাও গড়কাপ্টানি পথৰ ওপৰেৰে ভূটানৰ পানী বাগৰি যাতায়ত ব্যৱস্থা ব্যাহত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।