চুঙাজানত তন্ত্ৰ-মন্ত্ৰৰে ভূত খেদাত ব্যস্ত এজন বেজ

 07/24/2019 - 21:41

সৰুপথাৰঃ বিজ্ঞান আৰু প্রযুক্তি বিদ্যাক প্ৰত্যাহ্বান জনাই তন্ত্ৰ-মন্ত্ৰৰে ভূত খেদাত ব্যস্ত এজন বেজ। বিজ্ঞানৰ নতুন নতুন আবিস্কাৰে বিশ্বত চমক সৃষ্টি কৰিছে যদিও আজিও মানুহ অন্ধবিশ্বাসৰ পৰা মুক্ত হ’ব পৰা নাই। কিছুদিন পূর্বে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজানৰ এমভি সাপ্তাহান্তিক বজাৰৰ সমীপৰ গোলাপ বৰা নামৰ লোকজনৰ ঘৰত ভূত ওলোৱাৰ লগতে শিলগুটি দলিওৱাৰ দৰে ঘটনা সংঘটিত হৈছিল।

সেই ভূতটোক খেদাবৰ বাবেই এজন বেজক মাতি আনিছে ভুক্তভোগী পৰিয়ালটোৱে। বেজজনে আহিয়েই তন্ত্ৰ-মন্ত্ৰৰে ভোট খেদাৰ বাবে কাম আৰম্ভ কৰে। বেজৰ কাম আৰম্ভ কৰিয়ে বেজজনে স্থানীয় লোকৰ দ্বাৰাই এনে দুষ্কার্য চলিছে বুলি কোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত বিশ্বাস আৰু বুজাবুজি বিঘ্নিত হোৱাৰ উপক্রম হয়। অৱশেষত স্থানীয় আছুৱে সৰ্ম্পূণ ঘটনা পৰ্যবেক্ষণ কৰি চুঙাজান আৰক্ষীক খবৰ দিয়াতহে ঘটনাই শাম কাটে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।