নলবাৰীৰ নমাটিৰ আশ্ৰয় শিবিৰত ভাইৰেল জ্বৰৰ প্ৰাদুৰ্ভাৱ

 07/24/2019 - 21:44

নলবাৰীঃ নলবাৰী জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ উত্তৰে বানে বিভিষিকাৰ সৃষ্টি কৰা নমাটিৰ এটা আশ্ৰয় শিবিৰত সম্প্ৰতি ৰোগৰ প্ৰাদুৰ্ভাবে বন্যাৰ্তৰ মাজত আতংকৰ সৃষ্টি কৰিছে। প্ৰথমটো বানে ঘৰবাৰী, ৰাষ্টা-ঘাট উচন কৰাৰ পিছত কালিৰে পৰা অহা দ্বিতীয়টো বানে বৃহত্তৰ নমাটি অঞ্চলৰ ৰাইজক ত্ৰস্তমান কৰি তুলিছে। প্ৰথমটো বানৰ পিছত আশ্ৰয় শিবিৰত থকা লোকসকল ঘৰমুৱা হোৱাৰ পিছত কালিৰে পৰা অঞ্চলটোৰ ঘৰ দুৱাৰ ৰাষ্টা-ঘাট সম্পূৰ্ণৰূপে বুৰ যোৱাৰ উপৰি খহাই যাতায়ত স্তব্ধ কৰি তলিছে। যাৰ ফলত নমাটি মধ্য ইংৰাজী বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত ভাইৰেল জ্বৰৰ প্ৰাদুৰ্ভাৱ ঘটিছে।

প্ৰায় ডেৰ শতাধিক বন্যাৰ্তই আশ্ৰয় লৈ থকা শিবিৰটোত সম্প্ৰতি দহ জনৰো অধিক বন্যাৰ্তৰ মাজত ভাইৰেল পিয়পি পৰাত হাহাকাৰৰ সৃষ্টি হৈছে। ৰোগীসকলৰ মাজত ঔষধ আৰু উপযুক্ত চিকিৎসাৰ অভাবত বিপদৰ আশংকাত ভূগিছে। ইতিমধ্যে শিবিৰটোত আজি বিয়লিৰ ভাগত চাৰিগৰাকী পুৰুষ মহিলাৰ ভাইৰেল জ্বৰৰ তাপ বৃদ্ধি হোৱাত বিচ্ছিন্ন পথ যোগাযোগৰ বাবে হাহাকাৰৰ সৃষ্টি হয়।স্থানীয় বন্যাৰ্তই ১০২ এম্বুলেঞ্চক খবৰ দিয়াৰ লগে লগে উপস্থিত হয় যদিও বানৰ ভয়াবহতা আৰু বিচ্ছিন্ন কৰা যাতায়তৰ বাবে আধাতে থমকি ৰব লগা হয়।

পিছত আশ্ৰয় শিবিৰৰ লোকসকলে শিবিৰৰ পৰা একাঁঠু পানীৰ মাজৰে এখন ঠেলাত এম্বুলেঞ্চত উঠাই দিয়ে। পিছত ৰোগীকেইগৰাকীক নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। অৱশ্যে চাৰি গৰাকী পুৰুষ মহিলাৰ উপৰি শিবিৰটোত কেইবাগৰাকী লোক আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে অঞ্চলটোত দ্বিতীয়টো বানৰ বিভিষিকাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি ভাইৰেল জ্বৰে বন্যাৰ্তসকলক চিন্তিত কৰি তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।