মাৰুতি ডুব গ’ল খালতঃ দুজনৰ প্ৰাণৰক্ষা কৰিলে ডিএচপিয়ে

 07/24/2019 - 21:48

কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ পৰা ডাংতল অভিমুখী এখন মাৰুতি এল্টো গাড়ী ( নং এএচ ১৬ এফ ; ৮৭৪৯) আজি বিয়লি সদৰ চহৰৰ নিকটৰ দেৱৰগাঁৱৰ পাখ্ৰিগুৰীত নিয়ন্ত্ৰণ হেৰুৱাই গড়কাপ্তানী পথৰ কাষৰ গভীৰ খালত পৰে আৰু সম্পূৰ্ণৰূপে ডুব যায়। ঠিক সেই সময়তে গুৱাহাটীৰ পৰা কোকৰাঝাৰ অভিমুখী সপ্তম এপিবিএনৰ উপ আৰক্ষী অধীক্ষক শচীন্দ্ৰ ব্ৰহ্মই ঘটনাটো প্ৰত্যক্ষ কৰি গাড়ী ৰখাই উদ্ধাৰ অভিযানত নামি পৰে। সপ্তম এপিবিএনৰ উপ আৰক্ষী অধীক্ষক শচীন্দ্ৰ ব্ৰহ্মৰ আহ্বানত স্থানীয় ৰাইজেও উদ্ধাৰ অভিযানত নামি পৰি সম্পূৰ্ণৰূপে ডুব যোৱা মাৰুতি গাড়ীখনৰ ভিতৰৰ পৰা চালক আৰু সহযাত্ৰীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ডুব যোৱা গাড়ীখনৰ ভিতৰৰ পৰা উদ্ধাৰ হোৱা যুৱক দুগৰাকী হ'ল ক্ৰমে ডাংতলৰ সহৰ আলী আৰু জহৰ আলী শ্বেখ। উদ্ধাৰ অভিযান অব্যাহত থকাৰ সময়তে ঘটনাস্থলীত বালাজান উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুভাষ কোচ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ তদাৰক কৰে আৰু মুমুৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা আৰোহীদ্বয়ক এম্বুলেন্সেৰে চিকিৎসায়লৈ প্ৰেৰণ কৰে। পিছত ট্ৰেক্টৰৰ সহায়ত দুৰ্ঘটনাগ্ৰস্থ গাড়ীখন উদ্ধাৰ কৰি থানালৈ নিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।