লালুকঃ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত বঙালমাৰা আৰক্ষী চকীৰ অধীনত থকা ফটেহপুৰ গাঁৱৰ আতাবুৰ ৰহমান(১৯) নামৰ এজন যুৱক। ৩ বছৰ পূৰ্বে কৰ্ম সূত্ৰে অৰুণাচলত দিন হাজিৰা কৰি থকা অৱস্থাত ঘটিছিল এক ভয়ংকৰ অঘটন। ১১০০০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি তেওঁৰ গাঁত পৰাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় যুৱকজন। আঘাতপ্ৰাপ্ত যুৱকজনক লগে লগে জিএমচিএইচত ভৰ্তি কৰোৱা হয়। জিএমচিএইচৰ চিকিৎসকৰ পৰামৰ্শ মতে প্ৰয়োজন আছিল বহুত ধনৰ।
কিন্তু পৰিয়ালৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ বাবে প্ৰয়োজনীয় ধন দিব নোৱাৰাত চিকিৎসকে যুৱকজনক জীৱন ৰক্ষা কৰাৰ হেতু যুৱকজনৰ দুয়োখন হাত কাটিবলগীয়া হৈছিল। আৰু চিৰ দিনৰ বাবে শাৰীৰিক বাবে অক্ষম হৈ পৰে যুৱকজন। কিন্তু অসহায় পৰিয়ালে সহায় বিচাৰি বাৰে বাৰে জন প্ৰতিনিধি আৰু চৰকাৰৰ ওচৰত অনুৰোধ জনোৱাৰ পিছতো আজি লৈকে কোনো সহায় নকৰিলে। উপাইবিহীন হৈ যুৱকজনে প্ৰতিবিম্ব লাইভৰ জৰিয়তে পুনৰ চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে।