যোগীঘোপাত পুনৰ আই-মানাহৰ বিভীষিকা

 07/25/2019 - 12:51

যোগীঘোপাঃ বঙাইগাঁও জিলাৰ যোগীঘোপাত পুনৰ আই-মানাহৰ বিভীষিকা। চকুৰ পলকতে আই নৈয়ে, ধাহি মুহি নিছে গছ-গছনি, ঘৰ-দুৱাৰ। উটুৱাই নিছে পশুধন। বানৰ সমান্তৰালভাৱে যোগীঘোপাত মানাহৰ গৰাখহনীয়াইও চলাইছে তাণ্ডৱ। ছিগি নিছে গড়কাপ্তানী পথ, উটুৱাই নিছে বহুতৰে সপোনৰ একোখন ঘৰ। উল্লেখ্য যে চেচাপানীত আই নৈৰ বানে সুচনা কৰিছে ভয়ংকৰ পৰিস্থিতিৰ। আই নৈৰ কোবাল সোঁতত কেইবাটাও পৰিয়ালৰ বাসগৃহ নৈৰ বুকত জাহ যায়। সাগৰ সদৃশ ঢৌৱে ধাহি মুহি নিছে সকলো। উল্লেখ্য যে, বিগত তিনিদিনে অসম তথা চুবুৰীয়া ৰাষ্ট্ৰ ভুটানত এৰিদিয়া পানীয়ে জিলাখনৰ নৈ-উপনৈ সমুহৰ জলস্তৰ।

আই নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত মধুফল, সৰু বৰজনা, ইত্যাদি অঞ্চল প্লাৱিত হৈ পৰাত অৰ্দ্ধশতাধিক পৰিয়ালে নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰে। আনহাতে, বানৰ সমান্তৰালভাৱে যোগীঘোপাত উত্তৰ শালমাৰা মহকুমা অন্তৰ্গত বিভিন্ন অঞ্চলত মানাহ নৈয়ে তাণ্ডৱ চলোৱা পৰিলক্ষিত হয়। যোগীঘোপাৰ মধুফলত মানাহৰ গৰাখহনীয়াই ছিঙি পেলায় বৰজানা- অভয়াপুৰী সংযোগী গড়কাপ্তানী পথছোৱা। খহনীয়াত জাহ যায় ৩০ টাৰো আধিক পৰিয়ালৰ বাসগৃহ। বহু পৰিয়ালে লাম লাকটুসহ ঘৰ দুৱাৰ এৰি সুৰক্ষিত স্থানলৈ পলায়ন কৰা পৰিলক্ষিত হয় । ছিঙা পথছোৱাৰে মানাহৰ বাঢ়নী পানী সোমাই ৪০ ৰো অধিক ৰাজহ গাওঁ প্লাৱিত কৰা বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।