ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ

 07/25/2019 - 13:07

ডিমাকুছিঃ ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত পুনৰ বন্যহস্তীৰ তাণ্ডৱ। বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ। জিলাখনৰ পানেৰী থানাৰ অন্তৰ্গত ছাগলীঝাৰত এই ঘটনা সংঘটিত।

নিহত ব্যক্তিজনৰ নাম গালৰ ৱাৰি (৩২)। হাতী-মানুহৰ সংঘাতৰ ফলত চলিত বৰ্ষত ১৫জন নিৰীহ লোকে বন্যহস্তীৰ আক্ৰমণত নিহত হোৱাৰ বিপৰীতে ৪টা বন্যহস্তীৰ মৃত্যু হৈছে৷

ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত হাতী-মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাই আহিছে যদিও ইয়াৰ স্থায়ী সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বিভাগটো৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।