বিলাসীপাৰাত সংযোজন হ'ল নতুন ৰে'লপথ

 03/27/2019 - 14:15

ডিজেটেল ডেস্কঃ অসমৰ বাবে এটা ভাল খবৰ। দুই দশকজোৰা প্ৰতীক্ষাৰ অন্ত পৰিল অসমৰ ৰে'লযাত্ৰীসকলৰ। অসমৰ ৰে'লপথৰ তালিকাত সংযোজন হ’ল আন এক নতুন পথ। নৱনিৰ্মিত গৌৰীপুৰ-আলমগঞ্জ-বিলাসীপাৰাৰ ৰে’লপথত চলিব ৰে’ল।

আজি পৰীক্ষামূলকভাৱে চলোৱা হ'ব এই ৰে'লখন। ৩৮ কিল’মিটাৰ দৈৰ্ঘ্যৰে নিৰ্মাণ কৰা হৈছে এই পথটো। সেই উপলক্ষে বিলাসীপাৰাত আজি উপস্থিত হৈছে ৰে’ল বিভাগৰ শীৰ্ষ বিষয়ববীয়াসকল।

এটা নতুন ৰে'লপথ সংযোজনে উৎফুল্লিত কৰিছে ৰে'লযাত্রীক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।