দলগাঁৱত যিকোনো মূহুৰ্ততে নৈত জাহ যাব এখন বিদ্যালয়

 07/25/2019 - 13:13

দলগাঁওঃ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে দলগাঁও বিধান সভা সমষ্টিবাসীয়ে দিশহাৰা কৰাৰ পাছত এইবাৰ ধনশিৰি নৈয়ে নিদ্ৰাহৰণ কৰিছে কেইবাখনো গাঁৱক। নৈ খনৰ বাঢ়নী পানীৰ কোৱাল সোঁতে খহাই নিছে ঘৰ-বাৰী।

খহনীয়াৰ কবলত পৰিছে নদীৰপাৰ নামৰ গাঁওখনত থকা নদীৰপাৰ ১ নং উত্তৰ প্ৰাথমিক বিদ্যালয়। যিকোনো মূহুৰ্ততে নৈত সম্পূৰ্ণ জাহ যাব বিদ্যালয়খন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।