লামডিং উদালিত এনআৰচিত নাম অন্তৰ্ভূক্ত নোহোৱাত আত্মহত্যা ব্যক্তিৰ

 07/25/2019 - 13:55

লামডিংঃ যোৱা শনিবাৰে এন আৰ চিৰ ২০১৯ তালিকাত নাম অন্তৰ্ভূক্ত নোহোৱাৰ বাবে লামডিং উদালীৰ কাছাৰী গাঁৱৰ ৰহিম উদ্দিন নামৰ ব্যক্তিজনে কৰিছিল বিহপান। বিহপান কৰা ৰহিম উদ্দিনে যোৱা কালি বিয়লি ভাগত মৃত্যুক সাৱটি লয়। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, কিছুদিন পূৰ্বে লংকাৰ এটা এনআৰচিৰ কেন্দ্ৰত হেয়াৰিংৰ বাবে গৈছিল ৰহিম উদ্দিন। এনআৰচিৰ কৰ্তৃপক্ষই ৰহিমৰ পিতৃ মৃত বসিৰ উদ্দিনৰ নাম ভোটাৰ তালিকাত বসিৰ আলী থকাৰ বাবে এনআৰচিৰ তালিকাত নাম অন্তৰ্ভূক্ত নহ’ব বুলি কোৱাৰ লগতে ৫০ হাজাৰ টকা জৰিমনা নাইবা জেল হ’ব পাৰে বুলি ৰহিমক কৈছিল ।  

পিছত উক্ত ঘটনা সন্দৰ্ভত লংকা চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰহিম উদ্দিনে নিজে নগৈ আনৰ হতুৱাই আবেদন জনাইছিল যদিও কাৰ্য্যালয়ৰ কোনো বিষয়াই ৰহিম উদ্দিনে নিজে এনআৰচিৰ নথি পত্ৰ জমা কৰাৰ লগতে স্বাক্ষৰ আৰু নিজে আহিব লাগিৱ বুলি কোৱাত ৰহিম উদ্দিনে আৰক্ষীয়ে আটক কৰিব পাৰে বুলি ভয়ত নিজৰ মানসিক স্থিৰতা হেৰুৱাই যোৱা শনিবাৰে দিনৰ ভাগত ঘৰতে বিহপান কৰি আত্মহত্যাৰ চেষ্টা কৰে ।   ৰহিমক লংকা প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায় যদিও পিছত ৰহিমৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে হোজাইৰ চিকিৎসালয়লৈ নিয়ে । 

চিকিৎসালয়ৰ পৰা পৰিয়ালৰ লোকে ৰহিমক উদালীৰ নিজ গৃহলৈ লৈ আহে যদিও বিয়লি ভাগত ৰহিমে নিজ গৃহতেই মৃত্যুক সাৱটি লয়।   উল্লেখ্য যে, প্ৰথম আৰু দ্বিতীয় বাৰ প্ৰকাশ পোৱা এনআৰচিৰ তালিকাত নাম অন্তৰ্ভূক্ত আছিল ৰহিম উদ্দিনৰ ।   আনহাতে  ৰহিম উদ্দিনৰ মৃত পিতৃ বসিৰ উদ্দিনৰো নাম ১৯৭০ চনৰ ভোটাৰ তালিকাত অন্তৰ্ভূক্ত আছিল।  বৰ্তমান ৰহিমৰ গৃহত উদালী আৰক্ষী উপস্থিত হৈ ৰহিমৰ মৃতদেহটো উদালী আৰক্ষী চকীলৈ লৈ আহে ।  

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।