নিজ বাসগৃহত উপস্থিত ৰাষ্ট্ৰীয় বঁঁটা প্ৰাপক অসম আৰক্ষীৰ জোৱান সোণেশ্বৰ বৰা

 07/25/2019 - 14:13

কাকপথাৰঃ অসম আৰক্ষীৰ ২৪ নং বাহিনীৰ জোৱান ৰাষ্ট্ৰীয় বঁটা প্ৰাপক সোণেশ্বৰ বৰাই কাকপথাৰৰ স্বগৃহত উপস্থিত হয়হি৷ নিজ বাসগৃহত আৰক্ষী জোৱানজনক অঞ্চলটোৰ কেইবাটাও দল সংগঠনে আদৰণি জনায়৷ সোণেশ্বৰ বৰাক যোৱা ১১ জুলাইত দিল্লীৰ ৰাজেন্দ্ৰ ভৱনত লোকসভাৰ প্ৰাক্তন অধ্যক্ষা মীৰা কুমাৰৰ উপস্থিতিত নিজৰ কৰ্তব্যৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক দিশত বিশেষ অৰিহণা আগবঢ়োৱাৰ বাবে 'বাবু জগজীৱন ৰাম নেচনেল সন্মান পদক ২০১৯ বঁটা’ প্ৰদান কৰা হয়৷

বিগত সময়ত আৰক্ষী জোৱান জনে কিক বক্সিং খেলত সোণৰ পদককে ধৰি কেইবাটাও আন্ত:ৰাষ্ট্ৰীয় পদকৰ লগতে ৰাষ্ট্ৰীয় পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ নেপাল, থাইলেণ্ড আৰু শ্ৰীলংকাত ভৰতক প্ৰতিনিধিত্ব কৰি ভাৰত বৰ্ষৰ লগতে অসম তথা তিনিচুকীয়া জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল জোৱানজনে৷ আজৰি সময়ত খেলৰ সৈতে জড়িত আৰক্ষী জোৱান সোণেশ্বৰ বৰা এজন সু-গায়ক হিচাপেও জনাজাত। কাকপথাৰৰ নিজ বাসগৃহত উপস্থিত হোৱাৰ পিছতে অঞ্চলটোৰ চুতীয়া ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ পৰিষদ, কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদে সম্বৰ্ধনা জনাই শুভেচ্ছা জ্ঞাপন কৰি সু ভৱিষ্যতৰ কামনা কৰে সংগঠনকেইটাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।